Home ক্রীড়া-জগত ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে আজি পুনৰ ৰিঙত নামিব লাভলিনা, মেৰী কমে

ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে আজি পুনৰ ৰিঙত নামিব লাভলিনা, মেৰী কমে

189
0

নতুন দিল্লী, ২২ নৱেম্বৰঃ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত পদক জয় কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ হিচাপে ইতিমধ্যে ইতিহাস ৰচিছে অসম কন্যা লাভলিনা বৰগোঁহায়ে। আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থাৰ এই সন্মানীয় প্ৰতিযোগিতাখনৰ6জ্ঝ কেজিত লাভলিনাই মঙলবাৰে অতি সহজ জয়েৰে ছেমি ফাইনেলত প্ৰৱেশ কৰি কমেও ব্ৰঞ্জ পদক নিশ্চিত কৰে। এতিয়া আত্মবিশ্বাসী, দৃঢ়মনা অসমীয়া বক্সাৰগৰাকীৰ লক্ষ্য খিতাপ জয়ৰ দিশে আৰু এখোজ আগুৱাই যোৱাৰ। সেই লক্ষ্যৰে কাইলৈ পুনৰ ৰিঙত নামিব লাভলিনাই।

এতিয়ালৈ লাভলিনাৰ পৰাক্ৰমৰ সন্মুখত এগৰাকীও বক্সাৰে তিষ্ঠিব পৰা নাই। প্ৰথম ৰাউণ্ডত ‘বাই’ লাভ কৰা অসম কন্যাই প্ৰি-কোৱাৰ্টাৰ আৰু কোৱাৰ্টাৰত প্ত-ঙ্মৰ ব্যৱধানত একপক্ষীয় জয়েৰে ইতিহাস ৰচিবলৈ সক্ষম হৈছে। সেই আত্মবিশ্বাসেৰে কাইলৈ অভিজ্ঞ চীনা টাইপেৰ বক্সাৰ চিন নিন চেনৰ সন্মুখীন হ’ব লাভলিনা। কোৱাৰ্টাৰত তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন ফ্ৰান্সেছ স্কটক চতুৰ ৰণনীতি আৰু শক্তিশালী পােঞ্চৰে ধৰাশায়ী কৰি পৰাক্ৰম দেখুৱাইছে।

টাইপেৰ খেলুৱৈগৰাকীৰ বিৰুদ্ধে প্ৰৱল আত্মবিশ্বাসেৰে ৰিঙত নামি সাফল্যৰ মুখ দেখিব বুলি নিশ্চিত লাভলিনা। উল্লেখ্য যে, বিশ্ব চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে লাভলিনাৰ বাবে চ্ঙ্মচ্ঙ্ম চনত হ’বলগা টকিঅ’ অলিম্পিকৰ দুৱাৰ মুকলি হয়। ইপিনে সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৱ ভাৰতৰ গৌৰৱ মেৰী কমে কাইলৈ চ্ছ্ৰজ্জ্ব কেজিৰ ছেমি ফাইনেলত উত্তৰ কোৰিয়াৰ হিয়াং কিমৰ বিৰুদ্ধে ৰিঙত নামিব। বিশ্ব চেম্পিয়নশ্বিত ষষ্ঠবাৰলৈ চেম্পিয়ন হৈ ইতিহাস ৰচাৰ সোণালী সুযোগ মেৰী কমৰ সন্মুখত। কাইলৈ কোৰিয়ান খেলুৱৈগৰাকীৰ বিৰুদ্ধে ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে সাজু হৈছে মহান ভাৰতীয় বক্সাৰ গৰাকী। ইতিপূৰ্বে মেৰীয়ে পাঁচ বাৰকৈ বিশ্ব চেম্পিয়ন হৈছে। আৰু এবাৰ খিতাপ জয় কৰিলে তেওঁ আয়াৰলেণ্ডৰ কেটী টেইলৰক অতিক্ৰম কৰিব। এই পৰ্যন্ত মেৰী কমৰ চমকৰ সন্মুখত প্ৰতিগৰাকী প্ৰতিদ্বন্দ্বী বিফল হৈছে। কাইলৈ ছেমি ফাইনেলতো জয়ী হৈ খিতাপ জয়ৰ কাষ চাপিব বুলি বিশ্বাসী মণিপুৰী বক্সাৰগৰাকী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here