Home মুখ্য পৃষ্ঠা ১ মিনিটত দিনটোৰ ১০ টা খবৰ পঢ়ক

১ মিনিটত দিনটোৰ ১০ টা খবৰ পঢ়ক

268
0
  1. অপহৃত অপূৰ্ব কাকতিৰ মুক্তিপণ নিৰ্ধাৰণ আলফা স্বাধীনৰ। কাকতিৰ মুক্তিৰ বাবে ডেৰ কোটি টকা দাবী। ১৯ নৱেম্বৰৰ সন্ধিয়া জাগুনৰ ন মাইলৰ পৰা অপহৰণ কৰিছিল শিল কোৱেৰিৰ মেনেজাৰ অপূৰ্ব কাকতিক।
  2.  বন্যহস্তীৰ উপদ্ৰৱে টোপনি হৰিছে টীয়কৰ জাঁজীমুখবাসীৰ। ব্ৰহ্মপুত্ৰৰ চাপৰিত আশ্ৰয় লৈ থকা হাতীৰ এটা বৃহত্‍ জাকে তহিলং কৰিছে ধাননি পথাৰ, লণ্ডভণ্ড কৰিছে বহু পৰিয়ালৰ ঘৰ-বাৰী। হাতীৰ উপদ্ৰৱৰ বাবে আধাপকা ধান কাটিবলগীয়া হৈছে দুৰ্ভগীয়া কৃষকে। দিনৰ ভাগত ব্ৰহ্মপুত্ৰৰ চাপৰিত আশ্ৰয় লোৱা হাতীৰ জাকটোৱে আন্ধাৰ হ’লেই তাণ্ডৱ চলায় জনাঞ্চলত। প্ৰতি বছৰেই ধান চপোৱাৰ সময়ত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে যদিও নিৰ্বিকাৰ বন বিভাগ।
  3.  চেন্নাইত মুষলধাৰ বৰষুণৰ সতৰ্কবাণী। সকলো স্কুল-কলেজ বন্ধ ঘোষণা কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে। বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি আগন্তুক দুদিন ধৰি তামিলনাডু আৰু পুডুচেৰীত মূষলধাৰ বৰষুণৰ সম্ভাৱনা আছে। চেন্নাই, কাঞ্চীপুৰম, তিৰুবল্লুৰ আৰু বিল্লুপুৰমত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
  4. আজি বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বীপত ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে যুঁজত নামিব অসমৰ লাভলিনা বৰগোহাঁই। ছেমি ফাইনেলত চাইনীছ টাইপেৰ চিন নিন চেনৰ মুখামুখি হ’ব লাভলিনা। ৬৯ কিলোগ্ৰাম শাখাত অৱতীৰ্ণ হ’ব অসমৰ বক্সাৰগৰাকী। আজি ছেমি ফাইনেলত যুঁজত নামিব এম চি মেৰীকমেও। দিল্লীত অনুষ্ঠিত হৈছে বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বীপ।
  5. চামগুৰিত ৰাইজৰ ৰোষত ৰকিবুল হুছেইন। স্থানীয় ৰাইজে খেদি পঠিয়ালে বিধায়কজনক। লাওখোৱালৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ সংঘটিত হয় এই ঘটনা। সেই সময়তে ঘেৰাও কৰে ৩ শতাধিক লোকে। ৰাইজৰ ক্ষোভ দেখি পলায়ন ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনৰ লগত গৈছিল প্ৰদ্যুত্‍ বৰদলৈও।
  6.  বৰপেটাৰ বাঘবৰ মন্দিয়াত নাও দুৰ্ঘটনা। ভেলেঙী নৈত বুৰ গ’ল কেৰাচিন কঢ়িওৱা নাও। কথমপি ৰক্ষা পৰিল নাৱৰীয়াসহ ৩জন লোক। সাতুৰি পাৰলৈ উঠে পানীত পৰা আটাইকেইজন। নাওখনত আছিল ৫৪টা কেৰাচিনভৰ্তি ড্ৰাম। মন্দিয়াৰ পৰা বাঘবৰলৈ নি আছিল কেৰাচিনখিনি।
  7.  উত্তৰ গুৱাহাটী সমীপৱৰ্তী কুৰুৱাত অঘটন। পুখুৰীত সংলগ্ন মটৰত বৈদ্যুতিক সংস্পৰ্শলৈ আহি মৃত্যুক সাৱটি লয় অজিত দাস নামৰ লোকজনে।
  8.  জম্মু-কাশ্মীৰ বিধানসভা ভংগ। ৰাজ্যপাল সত্যপাল মালিকে এক নিৰ্দেশ যোগে ঘোষণা কৰিলে এই কথা। সংবিধানৰ ৫৩ ধাৰাৰ বি দফাৰ উপ-ধাৰা ২ৰ অন্তৰ্গত ৯২ ধাৰাৰ ১নং উপ-ধাৰা অনুসৰি ৰাজ্যপালৰ বিশেষ অধিকাৰৰ জৰিয়তে জাৰি কৰা হ’ল এই নিৰ্দেশ।
  9. চেন্নাইত কাইলৈ স্থানীয় বন্ধ ঘোষণা। মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনাত স্কুল আৰু কলেজ বন্ধ ৰখাৰ ঘোষণা কৰিছে প্ৰশাসনে।
  10. বোকাখাতৰ মহুৰা জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী ৰশ্মি কাকতিৰ স্বামী মোহন কাকতিৰ দেহাৱসান৷ দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন আলফা মোহন কাকতি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here