Home অসম পত্নীৰ সন্মুখৰপৰাই বাগিচা পৰিচালকক অপহৰণ দুৰ্বৃত্তৰ

পত্নীৰ সন্মুখৰপৰাই বাগিচা পৰিচালকক অপহৰণ দুৰ্বৃত্তৰ

145
0
DB Live সোণাৰি, ২২ নৱেম্বৰঃ দিনক দিনে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি বেয়াৰ ফালে গৈছে নেকি? সেই প্ৰশ্ন উত্থাপন হৈছে জনসাধাৰণৰ মাজত। কাৰণ বিগত কেইটামান দিনত ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো অপহৰন কাণ্ড। অতি শেহতীয়াকৈ চৰাইদেউ জিলাৰ সাপেখাতিৰ টিমনহাবি চাহ বাগিছাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱাক অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰাৰ পাছত সমগ্ৰ জিলাখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
উল্লেখ্য যে চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱানগৰস্থিত বিষ্ণুপুৰ চাহ বাগিছাৰ শাখা টিমনহাবি চাহ বাগিছাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱাক নিজা বাংলোৰপৰাই অপহৰণ কৰিলে দুৰ্বৃত্তই। এই অপহৰণৰ আঁৰত আলফা (স্বাধীন ) জড়িত থকাৰ সন্দেহ কৰা হৈছে যদিও আলফাৰ ফালৰপৰা কোনো স্পষ্টীকৰণ নোপোৱা বাবে ৰহস্যৰ সৃষ্টি হৈছে ঘটনাটোত। অপহৃত বৰুৱাৰ পত্নী ননিমা বৰুৱাই জানিবলৈ দিয়া অনুসৰি ২০ নৱেম্বৰৰ সন্ধিয়া ৭.৩০ বজাত চাৰিজন অচিনাকি লোক আহে বাগিছাৰ বাংলোটোলৈ।
সেনাৰ পোছাক পৰিহিত অস্ত্ৰধাৰী লোককেইজনে নিজকে আলফাৰ সদস্য বুলি চিনাকি দি পৰিচালক বৰুৱাক তেওঁলোকৰ লগত যাব লাগিব বুলি নিৰ্দেশ দিয়ে। কিন্তু বৰুৱাৰ পত্নী ননিমা বৰুৱাই বাগিচাৰ পৰিচালক স্বামীক কিয় তেওঁলোকৰ লগত নিয়া হ’ব বুলি সোধাত চাহ বাগিছাৰ মালিকৰ সংক্ৰান্তত নিয়া হৈছে বুলি জানিবলৈ দিয়ে। ইফালে স্বামীক নিনিবলৈ কাকূতি মিনতি কৰাৰ পাছতো অস্ত্ৰধাৰী লোককেইজনে ননিমা বৰুৱাক ঘটনাটো গোপনে ৰাখিবলৈ ভাবুকিহে প্ৰদান কৰে।
আনহাতে দুৰ্বৃত্ত দলটোৰ ভাবুকি পোৱাৰ ফলত বৰহাট আৰক্ষীক পিছদিনা পূৱা দেৰিকৈ অৱগত কৰে। অপহৰণৰ খবৰ সমগ্ৰ চৰাইদেউ জিলাতে বিয়পি পৰাৰ পাছতে  চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক জিৎমল দলে তৎক্ষণাত সাপেখাতি সেনা ছাউনীৰ মেজৰ শচীন সিনহাসহ ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে অনুসন্ধান অব্যাহত ৰাখিবলৈ বৰহাট আৰক্ষীক নিৰ্দেশ দিয়ে। মন কৰিবলগীয়া যে কেইবছৰমান পূৰ্বে আলফাই বিষ্ণুপুৰ চাহ বাগিছাৰ কলঘৰলৈ গ্ৰেনেড নিক্ষেপ কৰিছিল। আনহাতে বিষ্ণুপুৰ চাহ বাগিছাৰ স্বত্বাধিকাৰী গুৱাহাটীৰ লক্ষ্মীনাৰায়ণ চৌধাৰী আৰু যোৰহাটৰ প্ৰদীপ সিংঘালক আলফাই ধন দাবী কৰিছিল বুলি সন্দেহ কৰিছে বহুলোকে। যাৰ ফলত  দাবীকৃত ধন নিদিয়াৰ বাবেই বাগিচাৰ পৰিচালক নোমল চন্দ্ৰ বৰুৱাক আলফাই অপহৰণ কৰা বুলি প্ৰচাৰ হৈছে জনসাধাৰণৰ মাজত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here