Home মুখ্য পৃষ্ঠা দেৰগাওঁৰ ঢেকিয়ালত প্ৰতিবাদী সভা, শীৰ্ঘে অসমত সুৰা নিষিদ্ধ কৰক।

দেৰগাওঁৰ ঢেকিয়ালত প্ৰতিবাদী সভা, শীৰ্ঘে অসমত সুৰা নিষিদ্ধ কৰক।

133
0

দেৰগাওঁৰ ঢেকিয়ালত প্ৰতিবাদী সভা, শীৰ্ঘে অসমত সুৰা নিষিদ্ধ কৰক।

দৈনন্দিন বাৰ্তা LIVE দেৰগাওঁ ১৩ নৱেম্বৰ: পৰিবৰ্তনৰ শ্লোগান দি ৰাজ্যৰ ক্ষমতালৈ অহা বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত নিতৌ বৃদ্ধি পাইছে, দেশী বিদেশী মদৰ দোকান। এক কথাত কবলৈ গলে, সম্পূৰ্ণ চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাজ্যত চলিছে, দেশী বিদেশী মদৰ দোকান স্থাপনৰ এক অঘোষিত প্ৰতিযোগিতা,এই অভিযোগ উণ্থাপিত হৈছে সচেতন মহলত। সমাজৰ বৰবিহ স্বৰূপ সুৰা নিষিদ্ধৰ দাবীত ইতিমধ্যে সমগ্ৰ অসমতে এক ব্যাপক আন্দোলন গঢ়ি তুলিছে মদ মুক্ত অসম দাবী সমিতিয়ে, কিন্ত চৰকাৰৰ প্ৰশাসনৰ নাই কোনো গুৰুত্ব, মদৰ কৰ নাপালে নচলে আমাৰ ৰাজ্য চৰকাৰ,ৰাজহৰ দোহাই দি আৰু কিমান মদৰ ফেক্টৰী,দোকান খুলিবলৈ অনুজ্ঞা পত্ৰ দি, তিল তিলকৈ উঠি অহা প্ৰজন্মক ধংৱসৰ গৰাহলৈ ঠেলি দিব, স্বাভাৱিকতে এই প্ৰশ্ন উদয় হৈছে সৰ্বসাধাৰণৰ মাজত। আজি অলপতে, গোলাঘাট জিলাৰ দেৰগাওঁৰ উপকণ্ঠৰ ঢেকিয়াল চাৰি আলি ৰংগ মঞ্চত স্থানীয় ৰাইজ তথা দল সংগঠনৰ সহযোগত , মদ মুক্ত অসম দাবী সমিতিৰ আহ্বানত এখনি সুৰা বিৰোধী প্ৰতিবাদী সভা হয় যায়। সভাত উপস্থিত থাকে মদ মুক্ত অসম দাবী সমিতিৰ ,কেন্দ্ৰীয় সভাপতি প্ৰবিন দাস, বীৰাংগনা নাৰী শক্তিৰ সম্পাদিকা, নমিতা হাজৰিকাৰ লগতে কেইবাটাও জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে,আজিৰ সভাত মহিলা সকলৰ অংশগ্ৰহণৰ পৰা এটা কথা স্পষ্ট হৈছে মদে এখন ঘৰৰ ওপৰত কিমান প্ৰভাৱ পেলাই, প্ৰতিবাদী সভাতেই উপস্থিত ৰাইজে আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে চৰকাৰৰ প্ৰশাসনক সুৰা নিষিদ্ধ কৰিবলৈ আহ্বান জনাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here