Home অসম প্ৰাক্তন ছাত্ৰ নেতা অমিয় বৰ্মনৰ বিয়োগঃ নলবাৰীত শোকৰ ছাঁ

প্ৰাক্তন ছাত্ৰ নেতা অমিয় বৰ্মনৰ বিয়োগঃ নলবাৰীত শোকৰ ছাঁ

322
0

DB Live,নলবাৰী, ২৩ নৱেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক অমিয় বৰ্মনৰ আজি পুৱা মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পাতালত বিয়োগ ঘটে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য কেন্সাৰ ৰোগত আক্ৰান্ত হৈ থকা প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে চিকিৎসাধীন অৱস্থাতে আজি পৰলোক প্ৰাপ্তি ঘটে। ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদকৰ দায়িত্ব বহন কৰাৰ উপৰি ১৯৯৩ চনৰ  পৰা ১৯৯৯ চনলৈ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল।

ইয়াৰ উপৰি ২০০৫ চনৰ পৰা ২০০৯ চনলৈ সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক আৰু বৰ্তমানলৈ অসম উন্নতি সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অহা প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ অসম সাহিত্য সভাৰ আজীৱন সভ্য, হৰিমন্দিৰৰ কাৰ্যনিৰ্বাহক সদস্য হিচাবে কাৰ্যনিৰ্বাহ কৰি থকা অমিয় বৰ্মনে নানকাৰভয়ৰা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ লগতে ৰাজকদমতল হাইস্কুলত হাইস্কুলীয়া শিক্ষা, নলবাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লোৱা প্ৰয়াত বৰ্মনৰ শৱদেহ আজি নিশাৰ ভাগত নলবাৰী আহি পাবহি।

ইফালে কাইলৈ পুৱা ৯-৩০ বজাত নলবাৰী শ্বহীদ ভৱন বাকৰিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলী জনোৱা হ’ব বুলি জিলা আছুৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই জানিবলৈ দিয়ে। নানকাৰভয়ৰা গাঁওৰ প্ৰয়াত হৰি বৰ্মন আৰু শশীপ্ৰভা বৰ্মনৰ পুত্ৰ অমিয় বৰ্মনে মৃত্যুৰ সময়ত পত্নী অজন্তা বৰ্মন, এগৰাকী ৭ বছৰীয়া পুত্ৰ সন্তান আৰু দুই বছৰীয়া এগৰাকী কন্যা সন্তান আৰু অনেক গুণমুগ্ধক এৰি থৈ যায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here