Home অসম পৰিৱৰ্তনঃ তিনিবছৰেও সম্পূৰ্ণ ন’হল হিতাধিকাৰীৰ গৃহ

পৰিৱৰ্তনঃ তিনিবছৰেও সম্পূৰ্ণ ন’হল হিতাধিকাৰীৰ গৃহ

107
0

DB Live,মাহমৰা, ২৩নৱেম্বৰঃ চৰাইদেউ জিলা ১০৫ নং মাহমৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত মাহমৰা উন্নয়ন খণ্ডত বিগত তিনি বছৰেও সম্পূৰ্ণ ন’হল হিতাধিকাৰীয়ে লাভ কৰা চৰকাৰী ইন্দিৰা আৱাস গৃহ। ২০১৫ চনৰ ডিচেম্বৰ মাহতে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত মিলন গাঁও পঞ্চায়তৰ৭নং ৱাৰ্ডত বহু হিতাধিকাৰীয়ে লাভ কৰা এই চৰকাৰী অধীনৰ আৱাসগৃহ তিনিবছৰেও সম্পূৰ্ণ নোহোৱাত ক্ষোভিত হৈ পৰিছে।

বিগত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ দখল থকা পঞ্চায়তখনিৰ ৭নং ৱাৰ্ডৰ সেইসময়ৰ কংগ্ৰেছী ৱাৰ্ড সদস্যাগৰাকীয়ে বহু হিতাধিকাৰীৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি আজিপৰ্যন্ত চৰকাৰী গৃহসমূহ সম্পূৰ্ণ নকৰিলে। আমাৰ হাতত আহি পৰা তথ্য অনুসৰি, পঞ্চায়তখনৰ ৭নং ৱাৰ্ডৰ ফুলমণি গড় আৰু ফুটুকমণি গড়ৰ নামত আৱণ্টিত ইন্দিৰা আৱাসগৃহ দুটা বিগত তিনিবছৰেও ৱাৰ্ড সদস্যাগৰাকীয়ে সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি নিদিলে।

ইয়াৰ বিপৰীতে ৱাৰ্ড সদস্যাগৰাকীয়ে দুয়োগৰাকীয়ে হিতাধিকাৰীৰ পৰা ভয়-ভাবুকিৰে বেংকৰ সমুদায় ধন  আত্মসাৎ কৰে। ইন্দিৰা আৱাসগৃহ যোজনাৰ আঁচনিত হিতাধিকাৰীয়ে সকলো কাম নিজে কৰিব লাগে যদিও উক্ত চতুৰ দুৰ্নীতিগ্ৰস্ত¸ ৱাৰ্ড সদস্যাগৰাকীকে দুয়োগৰাকী হিতাধিকাৰীক ৱাৰ্ড সদস্যাগৰাকীয়ে নিৰ্মাণ কৰিব দিব বুলি আৰু ঘৰ নিৰ্মাণত সম্পূৰ্ণ নহ’লে তাৰ বাবে ৱাৰ্ড সদস্যাগৰাকী  দায়বদ্ধ ন’হয় বুলিও স্বাক্ষৰ পত্ৰত চহী কৰাই লয় বুলি  এক গোপন সূত্ৰৰ পৰা শেহতীয়াকৈ জানিব পৰা গৈছে।

গাঁওৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে চৰকাৰীভাৱে আৱণ্টিত ইন্দিৰা আৱাস গৃহ যোজনা আচঁনিত বিগত কাৰ্যকালত সৰ্ববৃহৎ দুৰ্নীতি-অনিয়ম সংঘটিত হোৱা মিলন গাঁও পঞ্চায়তখনিত আজিপৰ্যন্ত বিভাগীয় কোনো তদন্ত নোহোৱাত গাঁওখনৰ সচেতন জনসাধাৰণ ক্ষোভিত হৈ পৰিছে। উল্লেখ্য যে, এইগৰাকী চতুৰ দুৰ্নীতিগ্ৰস্ত¸ ৱাৰ্ড সদস্যাই বিশেষকৈ চাহ-জনগোষ্ঠীৰ হিতাধিকাৰীক বিভিন্ন প্ৰলোভনেৰে সমুদায় ধন আত্মসাৎ কৰি অহা পৰিলক্ষিত হৈছে।

অন্যহাতে বিগত বৰ্ষত স্থানীয় বিধায়ক যোগেন মহনে উক্ত গৃহকেইটা নিজে আহি প্ৰত্যক্ষ কৰাৰ অতি শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ ৱাৰ্ড সদস্যাগৰাকীক কঠোৰ নিৰ্দেশ প্ৰদান কৰাৰ পিছতো আজিপৰ্যন্ত সম্পূৰ্ণ ন’হল। শেহতীয়াকৈ ৰাজ্যত পুণৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাত উক্ত গৃহকেইটা কেতিয়া সম্পূৰ্ণ হ’ব, সেয়া হিতাধিকাৰীৰ বাবে অবুজ সাঁথৰ হৈ পৰিছে। এইক্ষেত্ৰত বিভাগীয় কতৃপক্ষৰ লগতে জিলা উপায়ুক্তই অনাগত দিনত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ উচিত তদন্ত কৰে সেয়া লক্ষণীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here