Home অসম জোনাই সমষ্টিত প’ষ্টাৰ ফলা প্ৰতিযোগিতাঃ মৌন প্ৰদান-ভূৱন

জোনাই সমষ্টিত প’ষ্টাৰ ফলা প্ৰতিযোগিতাঃ মৌন প্ৰদান-ভূৱন

179
0

DB Live, ধেমাজীঃ ভৰিৰ তলৰ মাটি হেৰুওৱালৈ সক্ষম হৈছে। তাৰেই প্ৰতিফলন হৈছে অসমৰ সীমামূৰীয়া বিধানসভা সমষ্টি জোনাইত। জোনাই সমষ্টিত এতিয়া বিজেপি নেতা প্ৰদান বৰুৱা আৰু গণশক্তিৰ নেতা ভূৱন পেগুৰ মাজত আৰম্ভ হৈছে সন্মানৰ যুঁজ। যিহেতু সমষ্টিটোত নিজৰ অস্তিত্ব প্ৰমাণৰ বাবে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ যুঁজেই হ’ল একমাত্ৰ ৰণ। নিজৰ কৰ্ম দক্ষতাৰ ঠাইত নিৰ্বাচনী যুঁজত নিজা মনোনীত প্ৰাৰ্থীক জয়ী কৰাবলৈ যুঁজ দিবলৈ গৈ উক্ত দুয়োজন নেতা বাৰম্বাৰ শলঠেকত পৰাটো বিভিন্নজনৰ পৰিলক্ষিত হৈছে। ইপিনে এই দুয়োজন শক্তিশালী নেতা থকাৰ সময়তে  জোনাই সমষ্টিত চলিছে এক কাণ্ডজ্ঞানহীন তথা নিকৃষ্ট ৰাজনীতি। দুয়োজন নেতাৰ কেতবোৰ মৌনতাসূচক কৰ্মকাণ্ডক জোনাই সমষ্টিত এতিয়া আৰম্ভ হৈছে প’ষ্টাৰ ফলা প্ৰতিযোগিতা।

বিশেষকৈ দিছপুৰত মিত্ৰতাৰে শাসনভাৰ চলোৱা শাসনাধিষ্ঠিত দলটো মিত্ৰ দল অসম গণ পৰিষদ আৰু বিৰোধী দল কংগ্ৰেছৰ প’ষ্টাৰ দৃষ্টিকটুভাৱে ফালি পেলোৱা ৰণত নামিছে কোনো দুষ্কৃতিকাৰী। গুৰুত্বপূৰ্ণ এয়ে যে শাসকীয় দলৰে হওক বা বিৰোধী দলৰে হওক নিৰ্বাচনী বিধি অনুসৰি প’ষ্টাৰ ফলা কাৰ্য হ’ল এক অপৰাধ। কিন্তু সেই অপৰাধক তুচ্ছ কৰি এতিয়া জোনাই বিধানসভা সমষ্টিত চলিছে প’ষ্টাৰ ফলা কাৰ্য।

বিশেষকৈ চিচিবৰগাঁও জিলা পৰিষদত এই কাৰ্য দৃষ্টিকটূভাৱে পৰিলক্ষিত হৈছে বিভিন্নজনৰ। মন কৰিবলগীয়া যে চিচিবৰগাঁও জিলা পৰিষদত অসম গণ পৰিষদৰ প্ৰাৰ্থী তথা অৱসৰপ্ৰাপ্ত শিক্ষক লোকেশ্বৰ চুতীয়াৰ সবল স্থিতিত দিকবিদিক হেৰুৱাইছে অন্যান্য প্ৰাৰ্থীসকলে। এইজন প্ৰাৰ্থীৰ ওচৰত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ সমস্যাৰ সন্মুখীন হৈছে স্বয়ং শাসনাধিষ্ঠিত বিজেপি। গুৰুত্বপূৰ্ণ এয়ে যে বিজেপিৰ বহু সমৰ্থকে অগপৰ প্ৰাৰ্থীক চুতীয়াৰ সমৰ্থনত প্ৰচাৰ কাৰ্যত জড়িত হৈ পৰিছে।

আনহাতে কংগ্ৰেছ প্ৰাৰ্থীজনৰ সমৰ্থকেও অগপ প্ৰাৰ্থীজনৰ পক্ষে প্ৰচাৰ কাৰ্যত জড়িত হৈ পৰাটো লক্ষ্যণীয় দিশত পৰিণত হৈছে। ইয়াৰ লগে লগে গণশক্তিৰ শক্তিও ক্ৰমশঃ হ্ৰাস পাবলৈ ধৰিছে। এনেবোৰ সময়তে চিচিবৰগাঁও জিলা পৰিষদত নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ প্ৰতিজন প্ৰাৰ্থীয়ে যুঁজ অব্যাহত ৰখা সময়তে দুই প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী কংগ্ৰেছ আৰু অসম গণ পৰিষদৰ প’ষ্টাৰ ফলা কাৰ্যই বিভিন্ন মহলত চিন্তিত কৰি তুলিছে।

এইক্ষেত্ৰত উল্লেখিত দুয়োজন নেতা অৰ্থাৎ বিজেপি প্ৰদান বৰুৱা আৰু গণশক্তিৰ ভূৱন পেগুৱে কোনো শক্তিশালী স্থিতি গ্ৰহণ কৰাৰ পৰিৱৰ্তে মৌনতা অৱলম্বন কৰাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। নিৰ্বাচনী নীতি-নিয়ম উলংঘা কৰা প’ষ্টাৰ ফলা কাৰ্য দেখিও নেদেখাৰ ভাও ধৰাৰ দৰেই থকা উল্লেখিত দুয়োজন নেতাই তৎকালে শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰিলে জোনাই বিধান সভা সমষ্টিত নিৰ্বাচনী যুঁজ গৈ শত্ৰুতাৰ যুঁজলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা দেখিছে বিভিন্নজনে। আনহাতে সমষ্টিটোত হোৱা এনে অনৈতিক কাৰ্যৰ প্ৰতি নিৰ্বাচনী বিষয়াই শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিবলৈ গণতন্ত্ৰ বিশ্বাসী ৰাইজে দাবী জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here