Home অসম ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ডঃ কৰৱী ডেকা হাজৰিকা সৈতে অন্তৰংগ আলাপ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ডঃ কৰৱী ডেকা হাজৰিকা সৈতে অন্তৰংগ আলাপ

366
0

DB Live, মদাৰখাটঃ আঘোন মাহৰ শৰৎৰ আবেলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হিতেন্দ্ৰ নাথ বৰুৱা বিজ্ঞান আৰু সাংস্কৃতিক উদ্যানৰ মনোৰম সেউজীয়া পৰিবেশত অসমৰ এগৰাকী বিশিষ্ট কবি,গীতিকাৰ, উপন্যাসিক,শিশু সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱাৰ আসনৰ প্ৰাধ্যাপিকা,কলাগুৰু ডঃ কৰৱী ডেকা হাজৰিকাৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠান সম্প্ৰন্ন হয়।বিশ্ববিদ্যালয়ৰ বহুকেইগৰাকী অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰী সকল  উপস্থিত থকা এই মুখা-মুখী অনুষ্ঠানটোত এইগৰাকী জনপ্ৰিয় লেখিকাই জীৱনৰ বহুবোৰ প্ৰশ্নৰ কথা অতি ৰসালপূৰ্ণ ভাবে উত্তৰ দিয়ে।সুৰজিত বুঢ়াগোহাঁইয়ে আঁতধৰা অন্তৰংগ অনুষ্ঠানটো জোনালী নেওগৰ এটি সুললিত কণ্ঠেৰে আৰম্ভ কৰা হয়।

আমাৰ প্ৰথম পৰিচয় অসমীয়া তাৰ পাছৰ ভাৰতীয় আৰু তাৰ পাছতহে বিশ্ব নাগৰিক বুলি ছাত্ৰ ছাত্ৰী তথা উপস্থিত গুণমুগ্ধ সকলৰ প্ৰশ্নত উল্লেখ কৰি নিজৰ জীৱনৰ বৰ্ণিল অভিজ্ঞতা সম্পৰ্কে ব্যক্ত কৰে।শোভাকৃষ্ণা ফুকন,গাগী ভূঞা,ৰণটো দত্ত,মাধুৰ্য ফুকন,গীতিমণি হাতীমূৰীয়া,ডঃ স্বাতী কিৰণে ডঃ কৰৱী ডেকা হাজৰিকা আৰু হীৰেন গোঁহাইৰ বিৰচিৰত গীত পৰিবেশন কৰি উপস্থিত গুণমুগ্ধ সকলক আপ্লুত কৰি তোলে।

ডঃ ডেকা হাজৰিকা ৰচিত কবিতা আবৃত্তি কৰে দিম্পিমণি  ভূঞা,পাপৰি চুতীয়া,গীতিমণি হাতীমূৰীয়াই।অংকিতা বৰগোহাঁইয়ে একক অভিনয় কৰা এই মুখামুখী অনুষ্ঠানটোত মন্টু মৰাণ, অংকিতা ফুকন, মুন্নী গুপ্তা, তপন বণিয়া,স্বপ্নালী গগৈ,কৌশিক হাজৰিকা কে ধৰি উপস্থিত বহুজনে ডঃ কৰৱী ডেকা হাজৰিকাৰ সৈতে কটোৱা মধুৰ ক্ষণ আৰু অনুভৱৰ বিষয়ে ব্যক্ত কৰে।গীতে মাতে জীপাল আঘোণৰ এই আবেলিটোৰ পৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কথা আৰু সুৰ শীৰ্ষক নতুন এটা মত বিনিময়ৰ অনুষ্ঠানৰ পাতনি মেলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাসৰ বাবে নতুন এক অধ্যায় সূচনা হোৱা বুলি উপস্থিত সকলে মুকলিকৈ মত প্ৰকাশ কৰে।

ডঃ কৰৱী ডেকা হাজৰিকা সৈতে এনেদৰে মুকলি মনেৰে মত বিনিময় কৰি সাফল্যমণ্ডিত  কৰি তোলাৰ বাবে ৰাতুল বড়াই সকলোৱে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে সাহিত্যিক গৰাকীক বিশেষ ভাবে ধন্যবাদ জ্ঞাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here