Home অসম বহিঃৰাজ্যত কৰ্মৰত যুৱকৰ অকাল মৃত্যু

বহিঃৰাজ্যত কৰ্মৰত যুৱকৰ অকাল মৃত্যু

116
0

DB Live, জামুগুৰিহাটঃ আৰ্থিক অনাতনৰ বাবেই বহিঃৰাজ্যলৈ কৰ্মসংস্থাপনৰ বাবে ঢাপলি মেলা জামুগুৰিহাটৰ ধোবাকটা বামুণ গাঁৱৰ এগৰাকী অমায়িক যুৱকৰ অকাল মৃত্যুয়ে শোঁকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটিত৷

ধোবাকটা বামুণ গাঁৱৰ প্ৰয়াত লক্ষণ তাঁতিৰ দ্বিতীয় পুত্ৰ দুলাল তাঁতি(২৮) দুবছৰ পূৰ্বে দৰিদ্ৰ পৰিয়ালটোক কিছু আৰ্থিক সঁকাহ দিয়াৰ উদ্দেশ্যৰেই পুণেস্থিত কোম্পানীত কৰ্মৰত হৈ আছিল৷কিন্তু কিছুদিন পূৰ্বে ৰোগত আক্ৰান্ত হৈ শাৰীৰিকভাৱে অসুস্থ হৈ পৰা দুলালে পুণেতেই চিকিৎসা গ্ৰহণ কৰিছিল যদিও আৰোগ্য লাভ নকৰাত নিজ গৃহলৈ উভতি আহিছিল৷

কিন্তু ক্ৰমাৎ ৰোগ উপশম নোহোৱাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাত ডেংগুৰ উপস্থিতি ধৰা পৰে দুলালৰ দেহত৷তাৰপিছতো চিকিৎসা গ্ৰহণ কৰি আছিল যদিও ৰোগবিধে গুৰুত্বৰ ৰূপ ধাৰণ কৰাত কালি প্ৰথমেই তেজপুৰস্থিত মিচন হস্পিতাল আৰু পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও সম্পূৰ্ণ চিকিৎসা লাভ কৰাৰ পূৰ্বেই অকাল মৃত্যুক আকোৱালী লয় অমায়িক যুৱকগৰাকীয়ে৷মৃত্যুৰ সময়ত মাতৃসহ একমাত্ৰ জ্যেষ্ঠ ভাতৃ,বৌয়েক আৰু এটি ভতিজাক ইহসংসাৰত এৰি থৈ যায়৷

যুৱকগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰাৰ লগতে অসম যুৱ পৰিষদ চতিয়া সমষ্টি সমিতিৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিস্থানে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here