Home মুখ্য পৃষ্ঠা ডিকমত ধঁপাত নিয়ন্ত্ৰণৰ উদ্দেশ্যে সজাগতা সভা আৰু  বিনামূলীয়া চকু চিকিৎসা শিবিৰ

ডিকমত ধঁপাত নিয়ন্ত্ৰণৰ উদ্দেশ্যে সজাগতা সভা আৰু  বিনামূলীয়া চকু চিকিৎসা শিবিৰ

258
0

DB Live, মদাৰখাটঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(আৰ এছ এছ)ৰ উদ্যোগত আজি ডিকমৰ ফুলচান্দ কেজৰীৱাল খনিকৰ প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ লগতে ডিব্ৰুগড় জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ সহযোগত এক সজাগতা সভা অনুষ্ঠিত কৰা হয়৷

উক্ত সজাগতা সভাত ধঁপাত আৰু ৰাগিয়াল জাতীয় সামগ্ৰী অপকাৰিতা সম্পৰ্কে ৰাইজৰ আগত বক্তব্য আগবঢ়াই৷ লগতে বিনামূলীয়া চকু চিকিৎসা শিবিৰত ১৪২ গৰাকী ব্যক্তিক বিনামূলীয়াকৈ যশমা প্ৰদান কৰা লগতে ৬০ গৰাকীক চকুৰ দৰব প্ৰদান কৰা হয়৷ এই শিবিৰৰ জৰিয়তে যিসকল ব্যক্তিৰ চকুৰ অষ্টোপচাৰ কৰিব লাগিব সেইসকল ব্যক্তিক অহা ৩ নৱেম্বৰত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত অষ্টোপচাৰৰ ব্যৱস্থা কৰা হৈছে৷

উক্ত চকু চিকিৎসা তথা সজাগতা সভাত উপস্থিত থাকি চিকিৎসা প্ৰদান কৰে ডা° ৰিক্তম বৰগোহাঁই নেতৃত্বত অহা চাৰিজনীয়া চিকিৎসক দলটোৱে৷উক্ত সজাগতা সভা আৰু বিনামূলীয়া চকু চিকিৎসা শিবিৰটোত উপস্থিত থাকে লাহোৱাল খণ্ড স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক চিৰঞ্জীৱ শইকীয়া আৰু খণ্ড ব্যৱস্থা প্ৰমুখ মিলন শইকীয়াই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here