Home মুখ্য পৃষ্ঠা ২৬ নৱেম্বৰৰ পৰা সদৌ অসম নাৰ্ছ সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

২৬ নৱেম্বৰৰ পৰা সদৌ অসম নাৰ্ছ সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি

161
0

DB Live, নলবাৰী ২৪ নৱেম্বৰঃ ২৬ নৱেম্বৰৰ পৰা অসমৰ চৰকাৰী স্বাস্থ্য খণ্ডত অচলাৱস্থা দেখা দিয়াৰ  সম্ভাৱনা দেখা দিছে । সদৌ অসম নাৰ্ছ সন্থাৰ সভানেত্ৰী অঞ্জনা শইকীয়া আৰু সাধাৰণ সম্পাদিকা জুনু চুতীয়া দিহিংগীয়াই প্ৰেৰণ কৰা এক বিবৃতিত ৰাজ্য চৰকাৰে নাৰ্ছ সকলৰ সমস্যা সমাধানত আওকাণীয়া মনোভাৱ দেখুওৱাৰ প্ৰতিবাদত সদৌ অসম নাৰ্ছ সন্থাই ২৬ নৱেম্বৰৰ পৰা অনিৰ্দিষ্ট কালীন কৰ্মবিৰতি ঘোষণা কৰিছে ।

সপ্তম দৰমহা আয়োগৰ আসোৱাহ কমিটিত আবেদন দাখিল কৰিও কোনো সু ফলাফল নোপোৱাত আৰু ষ্টাফ নাৰ্ছত পদবী বিলুপ্ত কৰাৰ প্ৰতিবাদত সদৌ অসম নাৰ্ছ সন্থাই অসমৰ চিকিৎসালয় সমূহত সকলো স্থায়ী/অস্থায়ী নাৰ্ছে অনিৰ্দিষ্টকালীন কৰ্মবিৰতিত ভাগ লব।

কৰ্মবিৰতিৰ সময়ছোৱাত অসমৰ চিকিৎসালয় সমূহত জনসাধাৰণে সম্মুখীন হবলগীয়া সমস্যাৰ বাবে চৰকাৰে জগৰীয়া হব বুলি সকীয়াই দি নাৰ্ছ সন্থাৰ নেত্ৰী দুগৰাকীয়ে অভিযোগ কৰে যে এই বৰ্ষৰে মাৰ্চ মাহত সন্থাই  দুদিনীয়া কৰ্মবিৰতি পালন কৰাৰ পিছত অসমৰ স্বাস্থ্য বিভাগে সন্থাক আলোচনালৈ আমন্ত্ৰিত কৰি সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত লিখিত প্ৰতিশ্ৰুতি  দিছিল যদিও কোনো কাৰ্যকাৰী ব্যৱস্থা গ্ৰহণ নকৰিলে । বিবৃতিটোত কৰ্মবিৰতিৰ সময়ছোৱাত জৰুৰী কালীন সেৱা ব্যৱস্থা ও  ৰেহাই নহব বুলি উল্লেখ কৰা হৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here