Home অসম মঙলদৈ টাউন ক্লাবৰ শতবৰ্ষ অনুষ্ঠানত সমূহীয়া দৌৰঃবিধায়ক গুৰুজ্যোতি দাসৰ অংশগ্ৰহণ

মঙলদৈ টাউন ক্লাবৰ শতবৰ্ষ অনুষ্ঠানত সমূহীয়া দৌৰঃবিধায়ক গুৰুজ্যোতি দাসৰ অংশগ্ৰহণ

120
0

DB Live, মঙলদৈ, ২৪নৱেম্বৰঃ দৰং জিলাৰ অন্যতম ক্ৰীড়া, অনুষ্ঠান ‘মঙলদৈ টাউন ক্লাব’ৰ শতবৰ্ষ শুভাৰম্ভণি অনুষ্ঠানটি আজি উলহ মালহেৰে আৰম্ভ হয়। এই উপলক্ষে পুৱা ৬ বজাত মঙলদৈ টাউন  ক্লাবৰ পৰা আৰম্ভ হোৱা শতবাৰ্ষিকী দৌৰৰ ফ্লেগ অফ্ কৰে মঙলদৈ পৌৰ সভাৰ সভাপতি প্ৰতাপ বৰদলৈয়ে । একালৰ ক্ৰীড়া সাংবাদিক তথা পৌৰপতি প্রতাপ বৰদলৈয়ে ফ্লেগ অফ্ কৰি দিয়া ভাষণত কয় যে, বিশেষকৈ ক্ৰীড়া লগত জড়িত মঙলদৈ টাউন ক্লাবে অকল দৰং জিলাতেই নহয় ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলি উঠা কেইবাগৰাকী খেলুৱৈ সৃষ্টি কৰিছে। ফুটবল, ক্ৰিকেট, দবা, কেৰম আদি ইভেণ্টত বিশেষ বুৎপত্তি লাভ কৰা টাউন ক্লাবৰ উত্তৰোত্তৰ কামনা কৰে পৌৰপতি প্রতাপ বৰদলৈয়ে। আন্তঃৰাষ্টীয় পৰ্য্যায়ত মাষ্টাৰ্চ এথলেটিকছ খেলি পদক লাভ কৰা ক্ৰীড়াবিদ বীৰেন মেধিয়ে নেতৃত্ব দিয়া এই দৌৰত বিধায়ক গুৰুজ্যোতি দাস সহ দুই শতাধিকে অংশ গ্ৰহণ কৰে। অংশগ্ৰহণকাৰী সকলে মঙলদৈ টাউন ক্লাব জিন্দাবাদ, মঙলদৈ বেগা নদীক ৰক্ষা কৰক, বেদখল উচ্ছেদ কৰক, মঙলদৈ নদী আৰু বেগা নদীক প্ৰদূষণমুক্ত কৰক আদি শ্লোগান দি মঙলদৈ চহৰ মুখৰিত কৰি তোলে। পিছতে ক্লাবৰ   প্ৰাক্তন সভাপতি নগেন্দ্ৰনাথ চৌধুৰীয়ে স্মৃতি তৰ্পন, সভাপতি অনিল চন্দ্ৰ শৰ্মাই ক্লাবৰ পতাকা আৰু বিধায়ক গুৰুজ্যোতি দাসে উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে।আনহাতে দৰঙৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে গছপুলি ৰোপন কৰাৰ লগতে বিতৰণ কৰে। দিনৰ ১২ বজাৰ পৰা হোৱা আনুছা হাজৰিকা সোঁৱৰণী ১৪ সংখ্যক দৰং জিলা ভিত্তিত প্ৰাইজমানি দবা প্ৰতিযোগিতা উদ্বোধন কৰে প্ৰবীন খেলুৱৈ চিত্তৰঞ্জন পাটোৱাৰীয়ে। সন্ধিয়া প্ৰাক্তন সভাপতি বিপুল ৰঞ্জন দে’য়ে বন্তি প্ৰজ্বলন কৰে । উল্লেখযোগ্য যে,  অহা ৬ ডিচেম্বৰ তাৰিখে পুৱা ১০ বজাৰ পৰা  চতুৰ্থ বাৰ্ষিক সোণাজুদ্দিন আহমেদ সোঁৱৰণী দৰং জিলা ভিত্তিত প্ৰাইজমানি ৰেংকিং কেৰম প্ৰতিযোগিতা হব। পৌৰপতি প্ৰতাপ বৰদলৈয়ে উদ্বোধন কৰিবলগীয়া এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠক তিনি হাজাৰ, দ্বিতীয়ক দুহেজাৰ আৰু তৃতীয়ক এহেজাৰ টকাৰে পুৰস্কৃত কৰা হব বুলি উদ্যোক্তা সকলে জনাইছে। শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান হব অহা বৰ্ষৰ অক্টোবৰ মাহত।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here