Home মুখ্য পৃষ্ঠা বৰক্ষেত্ৰীৰ ঘোগাত কংগ্ৰেছৰ নিৰ্বাচনী সভা

বৰক্ষেত্ৰীৰ ঘোগাত কংগ্ৰেছৰ নিৰ্বাচনী সভা

138
0

DB Live, মুকালমুৱা ২৪ নৱেম্বৰঃ বৰক্ষেত্ৰী বিধানসভা সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ প্ৰত্যেকটো ৰাজনৈতিকে দলে ইখনৰ পিছত সিখন সভা পাতি চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ ৷ শুক্ৰবাৰে কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায় সমষ্টিটোৰ ৬১ নং ঘোগা গাওঁ পঞ্চায়তত ৷ পঞ্চায়তখনৰ বদনি আখিয়াত অনুষ্ঠিত সভাখনত এহেজাৰৰো অধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে ৷

ঘোগা আঞ্চলিক জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক হবিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত উপস্থিত থাকে মুকালমুৱা জিলা পৰিষদৰ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী খাইৰুল হ‘ক চৌধুৰী,৬১ নং ঘোগা গাওঁ পঞ্চায়তৰ কংগ্ৰেছ দলৰ সমৰ্থিত সভানেত্ৰী পদৰ প্ৰাৰ্থী ৰিজুমা বেগম,কাউঞ্চিলাৰ পদৰ সমৰ্থিত প্ৰাৰ্থী মনোৱাৰ হুছেইন সহ পঞ্চায়ত খনৰ আটাইকেইজন সদস্য,সদস্যা পদৰ প্ৰাৰ্থী সকলৰ লগতে ঘোগা মণ্ডল কংগ্ৰেছৰ সভাপতি তথা বিশিষ্ঠ সমাজকৰ্মী মোস্তাফা আলী৷ সভাত ভাষণ প্ৰসংগত সমাজকৰ্মী মোস্তাফা আলীয়ে কয় যে ৬১ নং ঘোগা গাওঁ পঞ্চায়তখনৰ দৰিদ্ৰ লোক সকলৰ তেজ শুহি সমাজৰ দালাল হিচাবে চিহ্নিত লোক সকলৰ দীৰ্ঘদিনীয়া বেপাৰখন বন্ধ কৰাৰ বাবেই তেওঁৰ পত্নী ৰিজুমা বেগমক সভানেত্ৰী পদত মনোনীত কৰিছে ৷

বিশিষ্ঠ সমাজকৰ্মী মোস্তাফা আলীয়ে লগতে কয় যে চৰকাৰে দৰিদ্ৰ লোকৰ সুবিধাৰ্থে ঘোষণা কৰা আচনি সমুহ এটকাও ঘোচ নিদিয়াকৈ দৰিদ্ৰ লোক তথা প্ৰকৃত লোক সকলে লাভ কৰাটোৱে তেওঁৰ প্ৰধান উদ্দেশ্য বুলি কয় ৷ উক্ত নিৰ্বাচনী সভাত বৰক্ষেত্ৰী এ.আই.ইউ.ডি.এফৰ প্ৰাক্তন সভাপতি মজিবুৰ ৰহমানে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে ৷ সভাত যোগদান কৰিয়ে মজিবুৰ ৰহমানৰ অভিযোগ পঞ্চায়তখনৰ চতেমাৰী গাওঁত নিৰ্বাচনী বিধি উলংঘা কৰি বিজেপিৰ একাংশ কৰ্মীয়ে বৈদ্যুতিক মিটাৰ বিতৰন কৰাত উঠি পৰি লাগিছে৷

তেওঁ লগতে কয় যে ৬১ নং ঘোগা গাওঁ পঞ্চায়তৰ দৰিদ্ৰ লোক সকলৰ ইমান দিনে চিন্তা নকৰা এতিয়া নিৰ্বাচনৰ প্ৰাকক্ষনত বিজেপিৰ ললী-পপত ভূল নেযাই ৬১ নং ঘোগা গাওঁ পঞ্চায়তৰ ভোটাধিকাৰ সকল ৷ সভাত মুকালমুৱা জিলা পৰিষদৰ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী খাইৰুল হক চৌধুৰীয়ে বিজেপিৰ মিছা প্ৰতিশ্ৰুতিত ভোল নেযায় কংগ্ৰেছ সমৰ্থিত আটাইকেইজন প্ৰাৰ্থীকে ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাই।

কালি সন্ধিয়া মুকালমুৱা চ’কত বৰক্ষেত্ৰী কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টু মুকলি কৰে নলবাৰীৰ জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে।অনুষ্ঠানটোত কেবাজনো জ্যেষ্ঠ কংগ্ৰেছীক সম্বৰ্ধনা জনোৱা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here