Home মুখ্য পৃষ্ঠা ধনৰ লেনদেনেৰে বিজেপিয়ে টিকট প্ৰদানৰ অভিযোগ

ধনৰ লেনদেনেৰে বিজেপিয়ে টিকট প্ৰদানৰ অভিযোগ

138
0

DB Live, গুৱাহাটীঃ যোৱা পচিশ বছৰে দলৰ হৈ নিৰবাচ্ছিন্নভাৱে কাম কৰি এইবেলি পঞ্চায়ত নিৰ্বাচনত দলীয় টিকেটৰ পৰা বঞ্চিত প্ৰাৰ্থীয়ে দলীয় বিষয়-ববীয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব‍্যস্ত কৰিছে। ঘটনাটো সঙ্ঘটিত হৈছে ৰহধলা গাঁও পঞ্চায়তত। একালৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিষয়-ববীয়া তথা দলীয় সদস‍্য সঞ্জয় দৰ্জীয়ে ৰহধলা গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে দলীয় টিকেট বিচাৰি এক প্ৰকাৰ নিশ্চিত হৈ আছিল।

পিচে দলে টিকেট ৰামেশ্বৰ বৰাক প্ৰদান কৰাত দলৰ জিলা পৰ্য‍্যায়ৰ বিষয়-ববীয়াই ধনৰ লেনদেনৰ জৰিয়তে টিকেট প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।

দলৰ মজিয়াত একেবাবৰে নতুন মুখক অগ্ৰাধিকাৰ দি দলীয় কামত পূৰ্বৰে পৰা নিয়োজিত হৈ থকা ব‍্যক্তিক একাষৰীয়া কৰি ৰামেশ্বৰ বৰা নামৰ ব‍্যক্তিক গোপন বুজাবুজিৰে গাঁও পঞ্চায়তৰ সভাপতিৰ টিকেট প্ৰদান কৰা কাৰ্য‍্যত ক্ষুণ্ণ সঞ্জয় দৰ্জীয়ে অগপ দলত যোগদানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে‌।

LEAVE A REPLY

Please enter your comment!
Please enter your name here