Home অসম সেউজীয়া দেশৰ কবি ৰাম গোস্বামীলৈ শ্ৰদ্ধাঞ্জলি চৰাইদেউ জিলা সাহিত্য সভাৰ

সেউজীয়া দেশৰ কবি ৰাম গোস্বামীলৈ শ্ৰদ্ধাঞ্জলি চৰাইদেউ জিলা সাহিত্য সভাৰ

192
0

DB Live সোণাৰি, ২৬ নৱেম্বৰঃ অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, অশ্বক্লান্ত খবৰ, এতিয়া আবেলি আদি ৬০ খনতকৈও অধিক গ্ৰন্থৰ লেখক, সেউজীয়া দেশৰ কবি ৰাম গোস্বামীৰ মৃত্যুত চৰাইদেউ জিলা সাহিত্য সভাই ইয়াৰ শাখাসমূহৰ সহযোগত ২৫ নৱেম্বৰৰ পুৱা এখন শোক সভা অনুষ্ঠিত কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই।

চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ ৰতিপ্ৰভা গগৈয়ে অসম সাহিত্য সভাৰ পতাকা অৰ্ধনৰ্মিত কৰি বিশিষ্ট সাহিত্যিক গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সাহিত্যিক গৰাকীয়ে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ ওপৰত আলোকপাত কৰে। চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক ড° ৰঘুনাথ কাগয়ুঙে কবি ৰাম গোস্বামীয়ে অসমীয়া কাব্য জগতলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে বিস্তৃত সমীক্ষা দাঙি ধৰে।

ভাষণ প্ৰসংগত কাগয়ুঙে আনন্দ চন্দ্ৰ বৰুৱাই ৰাম গোস্বামীক কিয় ‘সেউজীয়া দেশ’ৰ কবি বুলি অভিহিত কৰিছিল সেই কথা ব্যাখ্যা কৰে। শোক সভাত চৰাইদেউ জিলা কবি সন্মিলনৰ সভাপতি সিদ্ধাৰ্থ দত্ত, সোণাৰি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড° চক্ৰপাণি পাতিৰৰ লগতে চৰাইদেউ জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখাসমূহৰ বিষয়ববীয়া তথা বহুসংখ্যক সাহিত্যনুৰাগী উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here