Home ক্রীড়া-জগত লাহোৱালত অনিৰুদ্ধ ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰম্ভঃ ঘোঁৰামৰা এফ চি জয়ী

লাহোৱালত অনিৰুদ্ধ ট্ৰফী ফুটবল প্ৰতিযোগিতা আৰম্ভঃ ঘোঁৰামৰা এফ চি জয়ী

118
0

DB Live , মদাৰখাত ২৬ নৱেম্বৰঃ লাহোৱালৰ অন্যতম ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠান ডিব্ৰুগড় নৱজাগৃতি যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত উনবিংশ বাৰ্ষিক অনিৰুদ্ধ ট্ৰফী ফুটবল প্ৰতিযোগিতাখনি দেওবাৰৰ পৰা লাহোৱাল গ্ৰাম্য খেল পথাৰত অনুষ্ঠিত উদ্বোধনী খেলখন ঘোঁৰামৰা এফ চি আৰু নালিয়াপুল এফ চিৰ মাজত অনষ্ঠিত হয়৷

খেলৰ প্ৰথম আৰু দ্বিতীয়াৰ্ধত কোনো এটা দলে গ’ল দিবলৈ সক্ষম নোহোৱাত অমীমাংসিত হৈ ৰয়৷ পিছত তেৰাবেকাৰ জৰিয়তে ঘোঁৰামৰা এফ চিয়ে ৩-০ গ’লৰ ব্যৱধানত নালিয়াপুল এফ চি’ক  পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে৷ আৰম্ভণি খেলখন উদ্বোধন কৰে লাহোৱাল ক্ৰীড়া সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ দত্তই৷ খেলখন পৰিচালনা কৰে বিশ্বজিৎ লাহন, প্ৰশান্ত হাজৰিকা, জিতেন দত্ত আৰু বাব্‌লী চৌধুৰীয়ে৷

উদ্বোধনী খেলখনত উপস্থিত থাকে ডিব্ৰুগড় নৱজাগৃতি যুৱক সংঘৰ সভাপতি বিজন্ত গগৈ, লাহোৱাল ফুটবল একাডেমীৰ সভাপতি কৃষ্ণ তামুলী, সংঘৰ সম্পাদক কুশল কোঁৱৰ আৰু লাহোৱাল আঞ্চলিক ছাত্ৰ সন্হাৰ সম্পাদক নিশান্ত কোৱৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here