Home মুখ্য পৃষ্ঠা মুম্বাইত পূৰ্ণোদ্যমে চলিছে অসমীয়া ভাওনাৰ আয়োজন

মুম্বাইত পূৰ্ণোদ্যমে চলিছে অসমীয়া ভাওনাৰ আয়োজন

685
0

দিবাকৰ দত্তঃ ‘গগণা মুম্বাই’ সৌজন্যত পোনপ্ৰথম বাৰৰ বাবে মুম্বাইত অনুষ্ঠিত হবলৈ গৈ আছে এখনি অসমীয়া পূৰ্ণাংগ ভাওনা!গগণা’ মুম্বাইস্থিত অসমীয়া মানুহৰ এটি সামাজিক, সাংস্কৃতিক সংস্থা যি মুম্বাইত বসবাস কৰি থকা অসমৰ মানুহক ঐক্যবদ্ধ কৰি অসমীয়া কৃষ্টি-সংস্কৃতি-পৰম্পৰাৰ চৰ্চা আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে।
অসমীয়া জাতিৰ পৰিচয় বহিঃৰাজ্যৰ মানুহৰ মাজত সঠিক আৰু সুচাৰুৰূপে দাঙি ধৰি  জাতিৰ গৰিমা বঢ়াবলৈ নিৰলস প্ৰচেষ্টা কৰি আহিছে।
গগণা ই দৃঢ়ভাৱে বিশ্বাস কৰে যে ভিন ভিন জাতিৰ কলা-সংস্কৃতিৰ সমন্বয় আৰু যৌথ প্ৰদৰ্শনৰ মাজেৰে বিভিন্ন সম্প্ৰদায়ৰ মাজত ভাতৃত্ববোধ, আৰু সাম্প্ৰদায়িক সম্প্ৰীতি কটকটীয়া কৰিব পাৰি।
অসমৰ বাহিৰত জন্ম হৈ এক যৌথ সমাজ আৰু সাংস্কৃতিক পৰিবেশত ডাঙৰ দীঘল হোৱা আজিৰ উঠি অহা চামক নিজৰ জাতিৰ ইতিহাস আৰু সাংস্কৃতিক ধাৰাৰ সতে পৰিচয় কৰি দিয়াৰ দায়িত্ব গগণা ই কান্ধ পাতি লৈছে। অসমৰ ভাষা, কলা-সংস্কৃতিৰ চৰ্চা আৰু সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে মুম্বাইস্থিত অসমীয়া সকলক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ গগণা মুম্বাইয়ে চেষ্টা কৰি আহিছে।গগণাৰ লক্ষ্য-উদ্দেশ্য আগত ৰাখি এইবাৰ মুম্বাইত আমি এখন পূৰ্ণাঙ্গ ভাওনা কৰিবলৈ মনস্থ কৰিছো। অসমীয়া জাতিৰ ভেটি গঢ়ি যোৱা মহাপুৰুষ শংকৰদেৱৰ বিশাল ব্যক্তিত্ব, তেখেতৰ অমূল্য সৃষ্টিৰাজি, কালজয়ী সৃষ্টি, ‘ভাওনা’ আদিৰ সতে বহিঃৰাজ্যৰ মানুহৰ চিনাকি কৰি দিব খুজিছে। অহা ৯ ডিচেম্বৰ, দেওবাৰে বিয়লি ৪ বজাৰ পৰা মিৰা ৰোডত এখনি অসমীয়া ভাওনা পাতিবলৈ সাজু হৈছো। যোৰহাটৰ ‘জোনবিৰি সাংস্কৃতিক দল’ উক্ত ভাওনা খন কৰিবলৈ আমন্ত্ৰণ কৰা হৈছে।
এই প্ৰয়াসত সকলো সংস্কৃতি প্ৰেমী ৰাইজৰ সহাৰি আৰু সমৰ্থন পাম বুলি আশা ৰাখিছে। গগণা মুম্বাইৰ সুজিত বৰা, সভাপতি, নয়ন জ্যোতি ভূঞা সম্পাদক, অৰূপ গোহাঁই কাৰ্যকৰী সদস্য।

LEAVE A REPLY

Please enter your comment!
Please enter your name here