Home অসম লাহোৱালত নিৰ্বাচনী গৰম বতাহ

লাহোৱালত নিৰ্বাচনী গৰম বতাহ

147
0

DB Live, মদাৰখাটঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে লাহোৱাল জিলা পৰিষদৰ অন্তৰ্গত ৪ খনকৈ গাওঁ পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে।বিজেপি, কংগ্ৰেছ সমান্তৰালকৈ এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই আঞ্চলিক দল অগপ‌ও।

উল্লেখ্য যে লাহোৱাল সমষ্টিৰ অন্তৰ্গত লাহোৱাল জিলা পৰিষদৰ অধীনৰ ফুলামপুৰ গাওঁ, নাহৰসাকো, ৰমাই কদ্দৈবাম, আলিমূৰ, হাবিচুক ,চিৰিংহোলা, নতুন বছা, টেপৰচালি, হাটখোলা, তেলিয়াপথাৰ, লাহোৱাল, ৰংপুৰীয়া গাৱত আজি অগপৰ বিশাল ৫ শতাধিক নেতা কৰ্মী লগত লৈ জিলা পৰিষদৰ সদস্য কিৰণ গগৈয়ে  ৰংপুৰীয়াত নিৰ্বাচনী কাৰ্যালয় মুকলিৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হয়।

তদুপলক্ষে অগপৰ জিলা পয্যায়ৰ নেতা তাৰানাথ গোহাঁই, লীলা গোহাঁইৰ লগতে বহুতো নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰি নিৰ্বাচনী সভা অনুষ্ঠিত কৰে।ইয়াৰ পাছতে চাহ বাগান বিলাকত পঞ্চায়তৰ অঞ্চল সমূহত জিলা পৰিষদৰ প্ৰাৰ্থী কিৰণ গগৈয়ে বহু সংখ্যক সমৰ্থকক লগত লৈ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলায়।নিৰ্বাচনী প্ৰচাৰৰ সময়ত কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে আঞ্চলিকৰ সভাপতি-সম্পাদক ,ৱাৰ্ড সদস্য সকলে সহযোগ কৰে।

একেদৰে অগপৰ মদাৰখাত গাওঁ পঞ্চায়তৰ প্ৰাৰ্থী উপেন দাসে নিৰ্বাচনী প্ৰচাৰ তুংগত ৰাখিছে।দাসে মদাৰখাত গা‌ও পঞ্চায়তৰ অন্তৰ্গত ১০ টা ৱাৰ্ডত সভা অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ আজি উক্ত পঞ্চায়তৰ ৭ টা ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই। আনহাতে বিজেপি আৰু কংগ্ৰেছ দলো এই ক্ষেত্ৰত পিছপৰি নাথাকি প্ৰতিটো পঞ্চায়ত আৰু ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here