Home অসম দাবালীয়াপাৰাত কংগ্ৰেছৰ  প্ৰাৰ্থী আব্বাছ আলীৰ  নিৰ্বাচনী  ৰণডংকা

দাবালীয়াপাৰাত কংগ্ৰেছৰ  প্ৰাৰ্থী আব্বাছ আলীৰ  নিৰ্বাচনী  ৰণডংকা

113
0

ছাহেদ আলী আহমেদ¸হাউলী  ২৮  নৱেম্বৰঃ বৰপেটা জিলাৰ বৰপেটা বিধান সভা সমষ্টিৰ তথা ১০ নং ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত ১০১ নং দাবালীয়াপাৰা গাওঁ পঞ্চায়তত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী   (কাউন্সিলৰ) আব্বাছ আলী ওৰফে জাহিৰৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধনেৰে পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজোৱা  কালি শুভাৰম্ভ কৰে।

সমাগত পঞ্চায়ত নিৰ্বাচন উপলক্ষে কংগ্ৰেছ দলে এইবাৰ বৰপেটা বিধান সভা সমষ্টি অগপৰ অধীনত থাকিলেও  সমষ্টিৰ অন্তৰ্গত সমূহ গাওঁ পঞ্চায়তত সদল-বলে জোৰদাৰ প্ৰচাৰ অভিযান চলাই পঞ্চায়ত গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে।

উল্লেখ্য যে যোৱা পঞ্চায়ত নিৰ্বাচনত আব্বাছ আলীয়ে খোব  কম  সংখ্যক ভোটৰ ব্যৱধানত সভাপতি পদত পৰাজয় বৰণ কৰিছিল যদিও এইবাৰৰ নিৰ্বাচনত নিৰ্বাচনী বতাহ আব্বাছ আলীৰ সপক্ষে বলা পৰিলক্ষিত হয়।নিৰ্বাচনী কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত হোৱা জনসমাগমে ইয়াকে প্ৰমাণ কৰে যে, নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ বাবে ইতিমধ্যে আব্বাছ আলীয়ে জনমত গঠন কৰিবলৈ সক্ষম হৈছে। উক্ত কাৰ্যালয় উদ্বোধন কৰে কয়াকুছিৰ বিশিষ্ট সমাজকৰ্মী  ছাহেদ আলী আহমেদে। কাৰ্যালয় উদ্বোধনেৰে আৰম্ভ হোৱা নিৰ্বাচনী সভাত সভাপতিত্ব কৰে স্থানীয় মুৰব্বী আলী খানে আৰু উদ্দেশ্য ব্যাখ্যা কৰে মহিৰ উদ্দিনে।

সভাত ভাষণ  প্ৰসঙ্গত বৰপেটা জিলা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মইনুল হকে কয় যে, বৰ্তমান পৰিস্থিতিত দেশ আৰু দহৰ স্বাৰ্থত আমি কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট প্ৰদান কৰিব লাগিব। তেওঁ শাসনাধিষ্ঠ বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে, উন্নয়নৰ ফালে পিঠি দি এই চৰকাৰে হিন্দু-মুছলমানৰ মাজত কাজিয়া লগাই থাকোতেই প্ৰায় তিনিটা বছৰ পাৰ কৰিলে। তেওঁ বিজেপি চৰকাৰৰ স্বৈৰাচাৰীতাৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীক ভোট দি জয়ী কৰিবলৈ আহ্বান জনায়।

আনহাতে তেওঁ ইউ ডি এফৰ বদৰউদ্দিন আজমল  আৰু ছিৰাজ উদ্দিন আজমলকো তীব্ৰ সমালোচনা কৰে। সভাত উপস্থিত থাকি কয়াকুছিৰ সমাজকৰ্মী  ছাহেদ আলী আহমেদে মানুহৰ বাবে কাম কৰা, সমাজসেৱী মানুহক বিবেক ভোটেৰে  প্ৰতিনিধি নিৰ্বাচন কৰিবলৈ আহ্বান জনায়। এই সভাত উপস্থিত থাকি ১০১ নং দাবালীয়াপাৰা গাওঁ পঞ্চায়তৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰুকীয়া খাতুনেও উপস্থিত থাকি নিজৰ পৰিচয় দাঙি ধৰি তাইক সমাজসেৱা কৰাৰ বাবে সুযোগ দিবলৈ নিৰ্বাচনত জয়ী কৰাবলৈ আহ্বান জনায়। সভাত আব্বাছ আলীয়েও ৰাইজে তেওঁক জয়ী কৰালে তেওঁ ৰাইজক লগত লৈ ৰাইজৰ হকে নিঃস্বাৰ্থভাৱে  কাম কৰি যাব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here