Home মুখ্য পৃষ্ঠা আমছুক হিমন্তৰ প্ৰমাণ পত্ৰ নালাগেঃ আমছু

আমছুক হিমন্তৰ প্ৰমাণ পত্ৰ নালাগেঃ আমছু

154
0

সোণাৰিৰপৰা অভিজিৎ ভূঞা ,২৮ নৱেম্বৰঃ আমছু জাতীয় সংগঠন হয় নে নহয় তাৰ প্ৰমাণ পত্ৰ নালাগে হিমন্ত বিশ্ব শৰ্মাৰপৰা। নিজে দল-বাগৰা নেতা হৈ আনক সমালোচনা কৰাৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ। এই মন্তব্য সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ।

চৰাইদেউ জিলাৰ সদৰ সোণাৰিত আমছুৱে আহ্বান কৰা এক সংবাদমেলযোগে হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত আমছুক সমালোচনা কৰাৰ প্ৰত্যুত্তৰ হিচাপে এনেদৰে কয় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে। সংবাদমেলত আমছুৰ সভাপতিগৰাকীয়ে কয় হিমন্ত বিশ্ব শৰ্মাই অসমত এক অস্থিৰ পৰিৱেশৰ সূচনা কৰিবলৈ বিভিন্ন অযুক্তিকৰ তথা উদ্ভত মন্তব্যৰে আমছুক সমালোচনা কৰা বুলি উল্লেখ কৰে।

আনহাতে আমছু এন আৰ চিৰ বিৰোধী নহয় বুলি মন্তব্য কৰি এন আৰ চি ৰূপায়ণৰ নামত খাটিখোৱা কোনো ভাৰতীয় নাগৰিকক অত্যাচাৰ নকৰিবলৈ আহ্বান জনায় সকলোপক্ষকে। সোণাৰি মদিনা কমপ্লেক্সত আয়োজিত সংবাদমেলত আমছুৰ সভাপতিগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰো দাবী জনায়।

ইফালে ৰাজ্যৰ ৭০ টাকৈ জাতীয় -জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যতে গঢ়ি তোলা প্ৰতিবাদী কাৰ্যসূচী তথা বাইক ৰেলী কংগ্ৰেছ দল আৰু বহিঃ ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত হোৱা বুলি উত্থাপিত দাবীক সম্পুৰ্ণ ৰূপে নস্যাৎ কৰে। আনহাতে কেইগৰাকীমান সংখ্যালঘু ৰাজনৈতিক  নেতাই বিভিন্ন সময়ত আমছুৰ বিৰুদ্ধে অপ্ৰচাৰ চলাই থকাৰ কথা উল্লেখ কৰি তেওঁলোকে অপপ্ৰচাৰ কৰিবলৈ এৰি আমছুৰ মজিয়ালৈ আহি প্ৰচাৰ সম্পাদকৰ দায়িত্ব লওকহি বুলি আহ্বান জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here