Home মুখ্য পৃষ্ঠা স্পষ্টীকৰণ : দিল্লী একচন কমিতি ফ’ৰ অসম

স্পষ্টীকৰণ : দিল্লী একচন কমিতি ফ’ৰ অসম

309
0

স্পষ্টীকৰণ

দিল্লী একচন কমিতি ফ’ৰ অসমDACA

সৰ্বপ্ৰথমেই কঁও যে দিল্লী একচন কমিতি ফ’ৰ অসমে (DACA) অসমৰ বিভিন্ন সমস্যাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰক্ষেপ কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। সেই উদ্দেশ্য আগত ৰাখিয়েই ১৩ নৱেম্বৰ তাৰিখে দিল্লীৰ কনষ্টিটিউচন ক্লাবত এখন মুকলি সভাৰ আহ্বান কৰা হৈছিল। ইয়ালৈ চি পি আই (এম) দলৰ সৰ্বভাৰতীয় নেতা সীতাৰাম য়েচুৰী, স্বৰাজ অভিযানৰ নেতা অধ্যাপক য়োগেন্দ্ৰ য়াদৱ, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক অপূৰ্বানন্দৰ লগতে ড˚ হীৰেন গোঁহাই প্ৰমুখ্যে অসমৰ এদল বুদ্ধিজীৱিকো আমন্ত্ৰণ কৰা হৈছিল। উক্ত সভাখনত প্ৰাক্তন সাংসদ নীলোৎপল বসু, বিশিষ্ট সাংবাদিক পৰাঞ্জয় গুহ ঠাকুৰতা, জমিয়ত উলেমা ই হিন্দৰ মৌলানা আৰ্শ্বাদ মাদানি, বিভিন্ন দল, সংগঠনৰ প্ৰতিনিধিৰ উপৰিও দিল্লীস্থ বিশিষ্ট বুদ্ধিজীৱি, অধ্যাপক, অধিবক্তা আৰু সচেতন নাগৰিক আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল। পুনৰাই দোহাৰিছো যে আমাৰ উদ্দেশ্য আছিল এন আৰ চি বিষয়টো সৰ্বভাৰতীয় পৰ্যায়ত উপস্থাপন কৰা; কিন্তু দুৰ্ভাগ্য যে বহু দূৰৈত থাকি, কেৱল টিভিৰ বাতৰিৰ ওপৰত ভিত্তি কৰি এচাম মহলে আমাৰ বিষয় আৰু উদ্দেশ্যক বিপথে নিয়াৰ প্ৰয়াস কৰা দেখা গৈছে। আমি পোনছাটেই কঁও যে মৌলানা মাদানিৰ মন্তব্যক দিল্লী একচন কমিতি ফ’ৰ অসমে কোনো কাৰণতে সমৰ্থন নকৰে, আৰু তেখেতক নিমন্ত্ৰণো জনোৱা হোৱা নাছিল। কিন্তু আমাৰ মঞ্চ ব্যৱহাৰ কৰি তেখেতে এন আৰ চি সম্পৰ্কে বিতৰ্কিত মন্তব্য আগবঢ়ালে। এইক্ষেত্ৰত পূৰ্বতেই মাদানিক দিল্লী একচন কমিতি ফ’ৰ অসমে সতৰ্ক কৰি দিছিল, ড˚ হীৰেন গোঁহায়ে প্ৰচাৰ মাধ্যমৰ আগত মঞ্চতে তেখেতৰ মন্তব্যৰ বিৰোধিতা কৰিছিল, দিল্লী একচন কমিতি ফ’ৰ অসমেও মাদানিৰ মন্তব্যৰ বিৰোধিতা কৰি প্ৰচাৰ মাধ্যমলৈ স্পষ্টীকৰণ দিছিল; কিন্তু দুৰ্ভাগ্যজনকভাৱে সেয়া প্ৰচাৰ কৰা নহ’ল। কেৱল মাদানিৰ এন আৰ চি তথা অসমীয়া বিৰোধী মন্তব্যকহে গুৰুত্ব দিয়া দেখা গ’ল। দিল্লী একচন কমিতি ফ’ৰ অসমৰ স্পষ্ট মত যে মাদানিৰ দৰে ধৰ্মীয় সাম্প্ৰদায়িক নেতাৰ ব্যক্তিগত মতামতৰ বাবে আমি দায়ী নহয়। যিহেতু সেইখন আছিল মুকলি বিতৰ্কৰ বাবে আয়োজন কৰা সভা; সেইখন সভালৈ বিভিন্ন মতাদৰ্শৰ ব্যক্তিক নিমন্ত্ৰণ কৰা হৈছিল আৰু তেঁওলোকে আহি ব্যক্তব্যও প্ৰদান কৰিছিল; সেইসকল ব্যক্তিৰ সেই বক্তব্যও প্ৰচাৰ মাধ্যমত বৰ বেছি প্ৰচাৰ নহ’ল।

এইখিনিতে আমি এইটো উল্লেখ কৰিব বিচাৰো যে স্বেচ্ছাৰে সভাখনত অংশগ্ৰহণ কৰিবলৈ মৌলানা মাদানিয়ে কেইদিনমান পূৰ্বে দিল্লী একচন কমিতি ফ’ৰ অসমৰ লগত যোগাযোগ কৰিছিল; কিন্তু অসম তথা অসমবাসীৰ কাৰণে ক্ষতিকাৰক মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকিবলৈ তেখেতক সতৰ্ক কৰি দিয়া হৈছিল আৰু সেয়ে তেখেতক নিমন্ত্ৰণো জনোৱা হোৱা নাছিল। কিন্তু আমাৰ মঞ্চক ষড়যন্ত্ৰমূলকভাৱে অপব্যৱহাৰ কৰি তেখেতে প্ৰচাৰ মাধ্যমৰ আগত কিছুমান উত্তেজক মন্তব্য কৰাৰ লগতে দিল্লী একচন কমিতি ফ’ৰ অসমৰ নামত তেখেতৰ ব্যক্তিগত প্ৰশংসা তথা ভুল তথ্য সম্বলিত এখন প্ৰচাৰ পত্ৰ আৰু তেখেতৰ নাম সম্বলিত এখন আমন্ত্ৰণী পত্ৰ ইংৰাজী, হিন্দী আৰু উৰ্দু ভাষাত প্ৰচাৰ মাধ্যমৰ মাজত গোপনে বিতৰণ কৰাৰ কথা আমি এতিয়া জানিব পাৰিছো। আমি আৰু জানিব পাৰিছো যে উক্ত সভালৈ মাদানিয়ে তেখেতৰ নিজা প্ৰচাৰৰ কাৰণে সাংবাদিকো লৈ আনিছিল। আমি তেখেতৰ এই কু-চক্ৰান্তক তীব্ৰ ভাষাৰে গৰিহণা দিছো। দিল্লী একচন কমিতি ফ’ৰ অসমে যি প্ৰচাৰ পত্ৰ আৰু আমন্ত্ৰণী পত্ৰ বিতৰণ কৰিছিল আৰু যিখন কেৱল ইংৰাজী ভাষাত আছিল, সেয়া আমি ৰাইজৰ জ্ঞাতাৰ্থে এই স্পষ্টীকৰণৰ লগতে গাঁঠি দিছো।

দিল্লী একচন কমিতি ফ’ৰ অসমে দিল্লীস্থ কনষ্টিটিউচন ক্লাবত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ আৰু নাগৰিকত্বৰ প্ৰশ্ন সন্দৰ্ভত 13/11/2017 আবেলি ২:৩০ বজাৰ পৰা এখন মুকলি সভাৰ আয়োজন

আমি অতি দুঃখিত যে অসমৰ এটা জলন্ত সমস্যাক ৰাষ্ট্ৰীয় পৰ্যায়ত উত্থাপন কৰিবলৈ যাঁওতে এটা সংগঠনৰ এজন মাত্ৰ নেতাৰ অবিবেচক মন্তব্যক অযথা গুৰুত্ব দি নিগনিক হাতী কৰা হ’ল। মাদানিৰ বক্তব্যৰ চেলু লৈ অসমৰ জনসাধাৰণৰ মাজত কিছুমান মহলে তীব্ৰ বিভ্ৰান্তিৰ সৃষ্টি কৰা কাৰ্যকো আমি গৰিহণা দিছো।

শেষত কঁও যে দূৰৰ পৰা দেখি বিষয়টোৰ ভিতৰলৈ নগৈ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিব নেলাগে। এনে কৰিলে সৎ উদ্দেশ্যেৰে সৎ প্ৰচেষ্টাৰে যুক্তিপূৰ্ণ বিচাৰ-বিশ্লেষণ কৰা ব্যক্তিসকল ক্ষুণ্ণ হোৱাটোৱেই স্বাভাৱিক। লগতে আমি এই কথাও অসমবাসীৰ জ্ঞাতাৰ্থে জনাব বিচাৰো যে দিল্লী একচন কমিতি ফ’ৰ অসমৰ গণতান্ত্ৰিক মঞ্চৰ অপব্যৱহাৰ কৰি মাদানিয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থজড়িত মন্তব্য কৰিবলৈ সুযোগ পোৱাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী।

অসম তথা অসমবাসীৰ ভৱিষ্যতৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এই সন্ধিক্ষণত যিকোনো মৌলবাদী শক্তিৰ ষড়যন্ত্ৰৰ পাকচক্ৰৰ বিৰুদ্ধে ন্যায়সংগত আৰু যুক্তিসংগতভাৱে মাৰবান্ধি থিয় দিবলৈ আমি সদৌ অসমবাসী ৰাইজৰ প্ৰতি আহ্বান জনাইছো।

দিল্লী একচন কমিতি ফ’ৰ অসমৰ হৈ,
বিশ্বজিত বৰা, আম্ৰপালী বসুমতাৰী, ৰূপম কলিতা, সমুদ্ৰ গগৈ
১৪ নৱেম্বৰ ২০১৭

LEAVE A REPLY

Please enter your comment!
Please enter your name here