Home মুখ্য পৃষ্ঠা আৰ জি বৰুৱা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণী

আৰ জি বৰুৱা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণী

120
0

গুৱাহাটী, ৩০ নৱেম্বৰঃ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী সদৌ অসম চিত্ৰাংকন প্ৰতিযোগিতা ২০১৮ৰ বঁটা বিতৰণী সভাখন পূৰ্ব নিৰ্দ্ধাৰিত সূচী অনুসৰি অহা ৩০ নৱেম্বৰ, শুকুৰবাৰে বিয়লি ৩ বজাত আছাম ট্ৰিবিউন চৌহদৰ স্প’ৰ্টছ ক্লাবৰ বাকৰিত আয়োজন কৰা হৈছে।

প্ৰবীণ চিত্ৰশিল্পী তথা চলচ্চিত্ৰ পৰিচালক পুলক গগৈয়ে এই সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। তদুপৰি যশস্বী অভিনেতা নিপন গোস্বামীয়ে সন্মানীয় অতিথি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী ড০ অংকুৰণ দত্তই নিৰ্দিষ্ট বক্তা হিচাপে সভাৰ সৌন্দৰ্য বৰ্দ্ধন কৰিব।

ইয়াৰ পূৰ্বে বিজয়ী প্ৰতিযোগীসকলৰ চিত্ৰসমূহক লৈ আছাম ¿ট্ৰবিউন স্প’ৰ্টছ ক্লাবত হ’বলগীয়া এখন চিত্ৰ প্ৰদৰ্শনীও মুকলি কৰিব শিল্পী পুলক গগৈয়ে। উল্লেখ্য যে সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ মহামনীষা আৰু চেতনা-প্ৰবাহক অসমৰ চুক-কোণলৈ কঢ়িয়াই নিয়াৰ লগতে শিশু-চেমনীয়াৰ সৃষ্টিশীলতাক স্বাগতম জনোৱাৰ উদ্দেশ্যে ‘ল’ৰালিৰ ধেমালি’ (Childhood Games) আৰু ‘মানৱ সেৱা’ (Service to Mankind)ক বিষয় হিচাপে লৈ যোৱা ১৪ অক্টোবৰত অসমৰ ২৫টা কেন্দ্ৰৰ অধীনৰ ৩৭খন ঠাইত উক্ত চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন হৈছিল।

আয়োজক আছাম ট্ৰিবিউন স্প’ৰ্টছ ক্লাবৰ হৈ সভাপতি হিৰণ্য কুমাৰ বৰ্মণ আৰু সাধাৰণ সম্পাদক ভাস্কৰ দাসে এটা বিবৃতিযোগে বঁটা বিতৰণী সভা আৰু চিত্ৰ প্ৰদৰ্শনীত শুভানুধ্যায়ী সকলোৰে উপস্থিতি কামনা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here