Home মুখ্য পৃষ্ঠা ডিগবৈ নগৰ সমিতিৰ সভানেত্ৰী-উপ-সভাপতিৰ বিৰুদ্ধে স্বচ্ছ ভাৰত অভিযানৰ ধন আত্মসাতৰ অভিযোগ

ডিগবৈ নগৰ সমিতিৰ সভানেত্ৰী-উপ-সভাপতিৰ বিৰুদ্ধে স্বচ্ছ ভাৰত অভিযানৰ ধন আত্মসাতৰ অভিযোগ

259
0

ৰুণু হাজৰিকাৰ  ডিগবৈ, ৩০ নবেম্বৰঃ তিনিচুকীয়া জিলাৰ অন্যতম উদ্যোগনগৰী এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰৰ গইনা লৈ গৌৰৱান্বিত ডিগবৈ নগৰবাসীৰ চৰম কাণ্ডজ্ঞানহীনতাৰ বাবে শেহতীয়াকৈ কদৰ্য নগৰীলৈ পৰ্য্যৱশিত কৰা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ইয়াৰ সমাজ সচেতন চিন্তাবিদ তথা বুদ্ধিজীৱিসকলে।

যি সময়ত নৰেন্দ্ৰ মোদী চৰকাৰখনে পৰিস্কাৰ আৰু পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ‘স্বচ্ছ ভাৰত অভিযান’ৰ দৰে এখন ব্যয় বিলাসী আঁ‌চনি ৰূপায়ণ কৰি কেন্দ্ৰীয় ৰাজ কোষৰ কোটি কোটি টকা খৰছ কৰি অহাৰ পাছতো সফল হ’ব পৰা নাই। বিশেষকৈ জিলাখনৰ উদ্যোগনগৰী ডিগবৈৰ ৰাজপথক লৈ এটা সময়ত বাট-পথত “ফু মাৰি ভাত খাব পৰা ঠাই” বুলি প্ৰবাদ আছিল।

কিন্তু ক্ৰমান্বয়ে উদ্যোগ নগৰীখনৰ বাসিন্দাসকলে ইমানেই কদৰ্যপূৰ্ণ কৰি আহিছে যে আৰু কিছু দিনৰ ভিতৰত নগৰখন নৰকৰ দ্বাৰত পৰিণত হ’ব সেয়া খাটাং। নগৰখনৰ বাসিন্দাসকলে সততে জধে মধে জাৱৰ-জোঁ‌থৰসমুহ য’তে-ত’তে পেলাই নগৰখন কদৰ্যপূৰ্ণ কৰি প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে এক অস্বাস্থ্যকৰ পৰিৱেশলৈ পৰিণত কৰিছে।

অথচ এনে চৰম বিপৰ্যয়লৈ ধাৱমান হোৱা নগৰখনকলৈ অলপো চিন্তিত নহ’য় নগৰখনত থকা বিভিন্ন কাৰ্যালয়, নিগম নিকায়ৰ কৰ্মচাৰীসকল। ইপিনে একাংশ স্থানীয় বাসিন্দাই নগৰখনৰ পদপথতে ঘৰুৱা আৱৰ্জনাসমূহ যধে-মধে দলিয়াই পেলাই থৈ যোৱাৰ বাবে আৰু নগৰ সমিতিৰ চাফাইকৰ্মীসকলে সময়মতে জাৱৰ-জোঁ‌থৰবোৰ উঠাই নিনিয়াত সমগ্ৰ অঞ্চলছোৱাত এক দূৰ্গন্ধময় বাতাৱৰণৰ সৃষ্টি হ’য়।

আনহাতে নগৰ সমিতিখনলৈ স্বচ্ছ ভাৰত অভিযান আঁ‌চনিৰ নামত লাখ লাখ টকা আৱন্তন পাই অহাৰ পাছতো সমিতিখনৰ জনপ্ৰতিনিধি তথা সভানেত্ৰী শিপ্ৰা মল্লিক আৰু উপসভাপতি সুদীপ্ত দত্ত চৌধুৰীয়ে মিলি ভকতহৈ সমুদায় ধন হৰলুকি কৰাৰ গুৰুত্বৰ অভিযোগ তুলিছে। স্থানীয় ৰাইজে আৱন্তিত ধনৰাশি অপচয় কৰা বুলি  অভিযোগ তুলি স্বচ্ছতাৰ শিতানত অহা চৰকাৰী পুঁ‌জিৰ ক’ত কেনেকৈ খৰছ কৰিলে ইয়াৰ ৰাজহুৱা প্ৰতিবেদন মুকলিকৈ প্ৰকাশ কৰিবলৈ দাবী জনাইছে। তাৰোপৰি নগৰখনৰ নলা-নৰ্দমাবোৰতো স্থানীয় বাসিন্দাসকলে ঘৰুৱা পেলনীয়া আৱৰ্জনাসমূহ পেলোৱাব বাবে প্ৰায়ে নলা-নৰ্দমাত জাম লাগি বন্ধ হৈ পৰে। যাৰ বাবে এজাক বৰষুণ দিলেই এই নলা- নৰ্দমাত পানীৰে উপচি পৰি ইয়াৰ বাসিন্দাসকলৰ বাসগৃহত লেতেৰা মলিয়ন পানী প্ৰৱেশ কৰে।

তাৰ পাছতো স্থানীয় ৰাইজৰ জ্ঞান চেতনা নহাতো অতি লজ্জাৰ বিষয়। ইপিনে, ডিগবৈ নগৰখনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ চাৰিআলি বজাৰখনৰ লগতে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষলৈকে পদপথৰ ওপৰত দৈনিক সন্ধিয়া পোহাৰ মেলা পাচলি বজাৰখনে নিশালৈ গেলা-পঁ‌চা পৰিতক্ত সামগ্ৰীসমূহ পথৰ কাষতে পেলাই থৈ গুচি যোৱাৰ ফলত সমগ্ৰ বজাৰ এলেকাটোত এক দূৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হ’য়।

যাৰ বিপৰিতে এইসকল অস্থায়ী পাচলি বেপাৰীৰ ক্ষেত্ৰত স্থানীয় প্ৰশাসন অথবা নগৰ সমিতিৰ কৰ্ত্তৃপক্ষই যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল,তেনেদৰে ব্যৱস্থা নোলোৱাত প্ৰায়ে নগৰখনৰ প্ৰাণকেন্দ্ৰ চাৰিআলি এলেকাটো কদৰ্যৰূপ পায়। উল্লেখ্যৰ প্ৰয়োজন যে, নগৰখনৰ চাৰিআলি বজাৰ
খনৰ পদপথৰ দুয়োকাষে অসম চৰকাৰৰ “কান্ত্ৰি আৰু প্লেনিং” আঁ‌চনিৰ জড়িয়তে লাখ লাখ টকা ব্যয়েৰে পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন ডিগবৈ নগৰ সমিতিখনে ক্ষুদ্ৰ ক্ষুদ্ৰ ডাষ্টবিন স্থাপন কৰি দোকানী- গ্ৰাহক, পথাচাৰীসকলৰ সুবিধাৰ্থে পেলনীয়া আৱৰ্জনা পেলোৱাৰ ব্যৱস্থা কৰি দিছিল , কিন্তু পৰিৱৰ্তণ আৰু স্বচ্ছতাৰ ঢোল-ঢাক বজোৱা বিজেপি চৰকাৰ গাদীত বহাৰ পাছতেই নগৰ সমিতিখন বিজেপিকৰণ কৰি উক্ত ডাষ্টবিনসমুহ উঠাই পেলোৱাত পুনৰ গ্ৰাহক-দোকানী সকলোৱে পেলনীয়া জাবৰ- জোঁ‌থৰ পথৰ কাষতে পেলোৱাত সমগ্ৰ পৰিৱেশ কদৰ্যৰূপলৈ পৰিণত হৈ আহিছে।

অৱশ্যে ৰাইজক দেখুৱাই কেতিয়াবা কেতিয়াবা নগৰ সমিতিৰ কৰ্মকৰ্তাসকলে হাতত ঝাৰু লৈ স্বচ্ছ ভাৰত অভিযানৰ ফোঁপোলাচ ছবিখন প্ৰদৰ্শণ কৰি পথছোৱা চাফা কৰাৰ নামত ফেচবুক, ৱাটছ-আপত ফটো আপলোড কৰি ভেঁ‌কো-ভাওনা কৰা বিষয়টোৱে ইয়াৰ সচেতন মহলক হাঁ‌হিৰ খোৰাক যোগাই অহা বুলিহে গোজৱ উঠিছে। এইক্ষেত্ৰত স্থানীয় বিধায়ক সুৰেণ ফুকনক স্থানীয় চিন্তাবিদ, বুদ্ধিজীৱী সকলে নগৰখনৰ স্বচ্ছ আৰু নিকা কৰি ৰখা দিশটোত পুৰ্বৰ ঐতিহ্য ঘুৰাই অনাৰ ক্ষেত্ৰত অধিক চোকা দৃষ্টি দিবলৈ আহ্বান জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here