Home মুখ্য পৃষ্ঠা অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী মৰ্জিনা আকন্দৰ সংবাদ মেল

অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী মৰ্জিনা আকন্দৰ সংবাদ মেল

132
0

DB Live, বিলাসীপাৰা, ১ ডিচেম্বৰঃ   আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে বিলাসীপাৰাত ২১ নং নায়েৰ আলগা জিলা পৰিষদ সদস্য পদৰ অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী মৰ্জিনা আকন্দৰ সংবাদ মেল অনুষ্ঠিত হয়।

উক্ত সংবাদ মেলত নায়েৰ আলগা জিলা পৰিষদ সদস্য পদৰ অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী মৰ্জিনা আকন্দ কয় যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত নায়েৰ আলগা জিলা পৰিষদ সদস্য হিচাপে বিপুল ভোটত জয়যুক্ত হ’ব বুলি জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হলে বিলাসীপাৰা পশ্চিম সমষ্টিৰ বৰ্ত্তমানৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছেমীয়ে ১৫ বছৰে নকৰা কাম খিনি তেওঁ আঢ়ৈ বছৰে কৰি দেখুৱাব বুলি তেওঁ সংবাদ মেলত দৃঢ়তাৰে কয়।

উক্ত সংবাদ মেলত নায়েৰ আলগা জিলা পৰিষদ সদস্যা পদৰ অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী মৰ্জিনা আকন্দ ই বিগত দিনত নিৰ্বাচিত হোৱা নায়েৰ আলগা জিলা পৰিষদ সদস্য সদস্যা সকলক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here