Home মুখ্য পৃষ্ঠা সোণাৰিত বিশ্ব এইডছ দিৱস পালন

সোণাৰিত বিশ্ব এইডছ দিৱস পালন

320
0

DB Live, সোণাৰি, ১ ডিচেম্বৰঃ চৰাইদেউ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগত উদ্যোগত আজি সোণাৰিত বিশ্ব এইডছ দিৱস পালন কৰা হয়। সোণাৰি নগৰ স্বাস্থ্য কেন্দ্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে এখনি সজাগতা ৰেলি উলিওৱা হয়। সমাজকৰ্মী তিলক নেওগে শুভাৰম্ভ কৰা ৰেলিত শতাধিক আশা কৰ্মী, ছাত্ৰ ছাত্ৰী আৰু স্বাস্থ্য কৰ্মীয়ে অংশগ্ৰহণ কৰে।

ইয়াৰ পাছতে শিক্ষক-সমাজকৰ্মী মণি গগৈৰ সভাপতিত্বত এখনি সজাগতা সভা অনুষ্ঠিত হয়। স্বাস্থ্য কৰ্মী ৰমা কোঁৱৰে আঁত ধৰা সভা খন উদ্বোধন কৰে  চৰাইদেউ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ নিপেন বৰুৱায়।

সভাত সমল ব্যক্তি হিচাপে উপস্থিত থকা AHANA প্ৰজেক্টৰ প্রজেক্ট বিষয়া নিৰঞ্জন চহৰীয়ায় এইডছ ৰোগৰ সম্পৰ্কে ভাষণ দিয়ে। সভাত সমাজকৰ্মী স্বপন কৰ, সাংবাদিক নাৰায়ণ দে, অৱসৰ প্ৰাপ্ত শিক্ষক ৰবি ঘোষ আদি উপস্থিত থাকে।

দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী সকলৰ মাজত আয়োজন কৰা এখনি কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে অৱসৰ প্ৰাপ্ত স্বাস্থ্য কৰ্মী পুলক গগৈয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here