Home অসম আজিও অৱহেলিত চুকাফাৰ মৈডাম

আজিও অৱহেলিত চুকাফাৰ মৈডাম

161
0

অভিজিৎ ভূঞা

চাওলুং চুকাফা  মধ্যযুগীয় অসমৰ প্ৰথম আহোম ৰজা আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিস্থাপক। মং মাওৰ শান ৰাজকুমাৰ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত শিৱসাগৰ জিলাৰ চৰাইদেউতত স্থায়ীকৈ ৰাজধানী পাতে৷ চুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬০০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যাকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে৷ এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে৷ সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চুকফাৰ অৱদান সৰ্বস্ব৷ এনে কাৰণতে তেওঁৰ নামৰ আগত চাওলুং (চাও: ঈশ্বৰ , লুং: মহান) ব্যৱহাৰ হ’বলৈ ধৰে।

বৰ-অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ বা ’’চুকাফা দিৱস’’ হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি হয়। আৰু আজিও সমগ্ৰ অসমতে চুকাফা দিবসৰ কাৰ্যসূচী ৰূপায়ন কৰি অহা হৈছে | কিন্তু এই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অশেষ বৰঙণি আগবঢ়োৱা প্ৰথমগৰাকী আহোম স্বৰ্গদেউৰ প্ৰতি যেন আমি যিমান শ্ৰদ্ধাশীল হব লাগিছিল সিমান হব পৰা নাই | হয়, আজি যেন আমি পাহৰি পেলাইছোঁ চুকাফাৰ আদৰ্শ |

আনকি চুকাফাৰ মৈডাম  (সমাধিস্থল)টো সংৰক্ষণ কৰিবলৈও আমাৰ এলাহ | কি ৰজাঘৰ, কি প্ৰজাঘৰ | কোনেও বিজ্ঞানসন্মত ভাবে সংৰক্ষণ কৰাৰ দূৰৰ কথা মৈডামৰ ওপৰত থকা হাবি জংঘলসমুহ কাটি পৰিস্কাৰ কৰিবলৈও এলাহ সকলোৰে | আনকি সাতশ বছৰৰো অধিক কাল মৈডামটো চিনাক্ত নোহোৱাকৈ থকাৰ পাছত ২০১৫ চনত বিভিন্ন আহোম পুথি, বুৰঞ্জীবিদ, টাই পণ্ডিত-গৱেষকৰ তথ্যৰ ভিত্তিত চুকাফাই উপাসনা কৰা লাংকুৰী দেওশালৰ উত্তৰ দিশত বিভিন্ন দল সংগঠনৰ সহযোগত তিনিটা মৈডাম উদ্ধাৰ কৰা হয় |   ইয়াৰে প্ৰথমটো স্বৰ্গদেউ চ্যাওলুং চুকাফাৰ আৰু আন দুটা পুত্ৰৰ বুলি ঠাৱৰ কৰে |

কিন্তু পৰিতাপৰ কথা ২০১৫ চনতে উদ্ধাৰ কৰাৰ পাছতো আজিলৈকে সংৰক্ষণৰ ব্যবস্থা নকৰিলে ৰজাঘৰ কিম্বা জাতীয় চেতনাৰে উদ্বোগ্ধ দল সংগঠনসমূহে | কেবল চুকাফা দিবস নাইবা মে-ডাম-মেফীত এগছি বন্তি প্ৰজ্বলন কৰাৰ বাদে বছৰটোৰ আন সময়ত কাৰো মনত নপৰে চাওলুং চ্যুকাফাৰ মৈডামৰ কথা |  আনহাতে যিসময়ত চৰকাৰে কোটি কোটি টকাৰে বিভিন্ন দিবস উদযাপনৰ নামত ৰাজহুৱা ধনৰ শৰাধ কৰিছে, চৰাইদেউৰ উন্নয়নৰ বাবে অহা কোটি কোটি টকাৰ শৰাধৰ বাবে বিভিন্ন পক্ষৰ মাজত খোৱা কামোৰা লাগিছে সেই সময়ত অসমীয়া জাতিৰ জনক, বৰ অসম গঢ়োতা চাওলুং চ্যুকাফাৰ সমাধিস্থল ধ্বংসৰ গৰাহত পৰাটো চৰম পৰিতাপৰ কথা হিচাপে বিবেচিত হৈছে |

LEAVE A REPLY

Please enter your comment!
Please enter your name here