Home মুখ্য পৃষ্ঠা বিশ্বত ডায়েবেটিজ বেমাৰীৰ সংখ্যা ৫০০ নিযুত, ভাৰতবৰ্ষ হ’ল ডায়েবেটিচৰ ৰাজধানী

বিশ্বত ডায়েবেটিজ বেমাৰীৰ সংখ্যা ৫০০ নিযুত, ভাৰতবৰ্ষ হ’ল ডায়েবেটিচৰ ৰাজধানী

159
0

বিশ্বত ডায়েবেটিজ বেমাৰীৰ সংখ্যা ৫০০ নিযুত, ভাৰতবৰ্ষ হ’ল ডায়েবেটিচৰ ৰাজধানী ##

দৈনন্দিন বাৰ্তা LIVE,নগাঁও,১৪ নৱেম্বৰ :: ” ডায়েবেটিজ বেমাৰ নহয়, ই আচলতে এক মানসিক অস্থিৰতাহে। দুই ধৰণৰ ডায়েবেটিজ ভিতৰত টাইপ-১ ৰ কোনো প্ৰতিকাৰৰ ব্যৱস্থা নাই যদিও টাইপ-২ ৰ ক্ষেত্ৰত কিছু সাৱধানতা অবলম্বন কৰি ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি। ” – এই মন্তব্য বিশিষ্ট ডায়েবেটিজ বিশেষজ্ঞ ডা: ৰাজীৱ গায়নৰ। বিশ্ব ডায়েবেটিজ দিৱস উপলক্ষে ত্ৰিনয়ন হেল্থ কেয়াৰ এণ্ড ৰিচাৰ্চ চেন্টাৰ নামৰ এক অগ্ৰণী চিকিৎসা প্ৰতিষ্ঠানৰ উদ্যোগত আজি নগাঁৱত অনুষ্ঠিত এক সজাগতা সভাত অংশ লৈ এইদৰে উল্লেখ কৰি ডাঃ ৰাজীৱ গায়নে কয় – সমগ্ৰ বিশ্বত ডায়েবেটিজ বেমাৰীৰ সংখ্যা ৫০০ নিযুত। ইয়াৰে মহিলাৰ সংখ্যা হ’ল ১৯৯ নিযুত। ভাৰতবৰ্ষ ডায়েবেটিজ বেমাৰৰ ৰাজধানী বুলি উল্লেখ কৰি বিশেষজ্ঞ চিকিৎসক গৰাকীয়ে কয় – শৰ্কৰাজনিত খাদ্য বেছিকৈ সেৱন কৰাৰ ফলত ভাৰতবৰ্ষৰ মানুহৰ মাজত এই বেমাৰৰ সংখ্যা বেছি। অহা ২০২০ চনৰ ভিতৰত ভাৰতবৰ্ষত এই বেমাৰৰ সংখ্যা সৰ্বাধিক হ’ব বুলি এক সমীক্ষাত ইতিমধ্যে প্ৰকাশ পাইছে বুলি তেওঁ মন্তব্য কৰে। ভাৰতবৰ্ষত পুৰুষৰ ক্ষেত্ৰত মৃত্যুৰ প্ৰথম ১০ টা কাৰণৰ ভিতৰত এটা হ’ল ডায়েবেটিজ আৰু মহিলাৰ ক্ষেত্ৰত ৯ টা কাৰণৰ ভিতৰত এটা বুলিও চিকিৎসকগৰাকীয়ে উল্লেখ কৰে। উল্লখ্য, বিশ্ব ডায়েবেটিচ দিৱসৰ লগত সংগতি ৰাখি আজি পুৱা নগাঁৱৰ খ্ৰীষ্টানপট্টিস্থ উদ্যোগক্তা চিকিৎসা প্ৰতিষ্ঠানৰ কাৰ্যালয়ৰ পৰা এ টি ৰোড হৈ “নগাঁও ডায়েবেটিজ ওৱাক-২০১৭”- শীৰ্ষক এক পদযাত্ৰা বাহিৰে কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ চেষ্টা চলাই। পিছত অনুষ্ঠানটোত অংশ লোৱা পাঁচ শতাধিক ৰাইজক ব্লাড চুগাৰ,লিভাৰ টেষ্ট, কিডনী টেষ্ট আদি বিভিন্ন বেমাৰৰ পৰীক্ষা বিনামূলীয়াকৈ সম্পন্ন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here