Home মুখ্য পৃষ্ঠা ডিব্ৰুগড় জিলা শক্তি উত্তোলন প্ৰতিযোগিতা 

ডিব্ৰুগড় জিলা শক্তি উত্তোলন প্ৰতিযোগিতা 

166
0

DB Live ডিব্ৰুগড়, ৩ ডিচেম্বৰঃ ডিব্ৰুগড় জিলা শক্তি উত্তোলন সন্থাৰ ২৮ সংখ্যক্ প্ৰতিযোগিতাখনি গাভৰু পথাৰ ৰেলৱে ইন্সটিটিউটত দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। গুৰুকুল সংগীত কলা কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাত প্ৰথম বিজয়ী (পুৰুষ)¸ হয় ষ্ট্ৰংমেন অৱ ডিব্ৰুগড় লক্ষ্যজিৎ চাংমাই(আনইকুইপ, ৰয়েল জিম বৰবৰুৱা, দ্বিতীয়(মহিলা) দীপিকা ৰয়(আনইকুইপ, দাহ বিকাশ দি জিম ডিব্ৰুগড়) তৃতীয় ত্ৰৈলোক্য গগৈ (ইকুইপ, দাহ বিকাশ দি জিম, ডিব্ৰুগড়), চতুৰ্থ বুলু মহন(ইকুইপ, দাহ বিকাশ দি জিম, ডিব্ৰুগড়।

শ্ৰেষ্ঠ দল(পুৰুষ) হিচাপে দাহ বিকাশ দি জিম, ডিব্ৰুগড় আৰু  একেই অৰ্থাৎ  দাহ বিকাশ দি জিম মহিলা দলটিও শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছে বুলি জিলা শক্তি উত্তোলন সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত গগৈয়ে জনাইছে। প্ৰতিযোগিতাত নিবাৰ্চিত  প্ৰতিটো দলৰ প্ৰতিযোগীসকলক পৰৱৰ্ত্তী সময়ত ৰাজ্যিক প্ৰতিযোগিতালৈ নিবাৰ্চন কৰা হ’ব বুলি গগৈয়ে উল্লেখ কৰে।

ইফালে পুৱা পতাকা উত্তোলন কৰে জিলা সভাপতি গুঞ্জন প্ৰকাশ দুৱৰাই আৰু গুৰুকুল সংগীত নৃত্য কলা কেন্দ্ৰৰ পতাকা উত্তোলন কৰে ৰুণু ভাগৱতীয়ে। স্মৃতি তৰ্পন কৰি সন্থাৰ জিলা সাধাৰণ সম্পাদক জয়ন্ত গগৈয়ে আৰু মঞ্চ উদ্বোধন কৰে নয়ণমনি দুৱৰাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here