Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ধুমুহাই ফিলিপাইনছত কাঢ়িলে শতাধিক

ধুমুহাই ফিলিপাইনছত কাঢ়িলে শতাধিক

180
0

মেনিলা, ৭ ডিচেম্বৰঃ বছৰত প্ৰায় বিশটা বিধ্বংসী ধুমুহাই জোকাৰি যোৱা ফিলিপাইনছক এইবাৰ আন এক ধুমুহাই জোকাৰি গৈছে। যোৱানিশা ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰা ফিলিপাইনছত এতিয়ালৈকে ১৩৩ টা মৃতদেহ উদ্ধাৰ কৰিব পৰা গৈছে। সাগৰীয় মেডলিনে মূলত দেশখনৰ দক্ষিণ প্ৰান্তত সংহাৰৰ সৃষ্টি কৰে। ফিলিপাইনছৰ দ্বিতীয় বৃহৎ দ্বীপ হিচাপে পৰিচিত মিন্দানাওত ধুমুহাই আটাইতকৈ বেছি ক্ষতি সাধন কৰে।

ঘণ্টাত প্ৰায় ৩০০ কিলোমিটাৰ বেগেৰে বলা ধুমুহাৰ ফলত মিন্দানাও দ্বীপৰ শ শ গছ-গছনি উভালি পৰে। ধুমুহাই দ্বীপটোৰ শতাধিক বাসগৃহ ধবংস স্তুপত পৰিণত কৰে। মিন্দানাও দ্বীপৰ উপৰি ফিলিপাইনছৰ দক্ষিণ অংশৰ উপকূলীয় অঞ্চলতো ধুমুহাজাকে ব্যাপক ক্ষতি সাধে। ধুমুহাৰ পিছতে দুই শতাধিক লোক সন্ধানহীন হৈ পৰা বুলি জানিব পৰা গৈছে।

মিন্দানাও দ্বীপৰ সাগৰত বহু মৃতদেহ ভাহি উঠা পৰিলক্ষিত হৈছে। ডালামা নামৰ গাঁওখনৰ নবৈব শতাংশ বাসগৃহই ধুমুহাৰ ফল ভাগি পৰিছে। ধুমুহাত মৃত্যু ঘটা বহুলোকৰ মৃতদেহ নৈৰে উটি যোৱা বুলি সন্দেহ কৰা হৈছে। ইফালে ধুমুহাৰ ফলত সাগৰৰ পানী উফন্দি উঠি ছালভাদৰ, ৰাণ্ড আদি চহৰসমূহ প্লাবিত কৰি তুলিছে। দুমাহ পূৰ্বে ফিলিপাইনছত বিধ্বংসী সাগৰীয় ধুমুহাৰ কবলত পৰি ২৩০জন লোকৰ মৃত্যু ঘটিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here