Home মুখ্য পৃষ্ঠা দৰঙৰ দলগাঁৱত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন

দৰঙৰ দলগাঁৱত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন

300
0

DB Live, খাৰুপেটীয়া ৮ ডিচেম্বৰঃ পঞ্চায়ত নিৰ্বাচনৰ উত্তাল পৰিবেশৰ মাজতে যোৱা ৩ ডিচেম্বৰ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে দৰঙৰ দলগাঁৱত উদযাপন কৰা হয় বিশ্ব প্ৰতিবন্ধী দিৱস। দলগাওঁ আঞ্চলিক বিকলাঙ্গ উন্নয়ন পৰিষদৰ উদ্যোগত উদযাপিত বিশ্ব প্ৰতিবন্ধী দিৱসৰ কাৰ্য্যসূচী মতে পুৱা ৮ পতাকা উত্তোলন আৰু খেল ধেমালি প্ৰতিযোগীতা, ৯ বজাত কুইজ প্ৰতিযোগিতা, আৰু দুপৰীয়া ১২ বজাত তপন শৰ্মাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।

সভাত দৰং জিলা শিক্ষক সন্মিলনীৰ সভাপতি গাজিউল হক চৌধুৰী, শিক্ষক ছামচুল হক, দলগাও আঞ্চলিক বিকলাঙ্গ উন্নয়ন পৰিষদৰ উপদেষ্টা মেহেদী আলম, সমাজ সেৱক তবিবুৰ ৰহমান, অসম প্ৰতিবন্ধী নিবনুৱা যুৱ সন্হাৰ মুখ্য উপদেষ্টা আবুল কাশেম, দলগাওঁ আঞ্চলিক বিকলাঙ্গ উন্নয়ন পৰিষদৰ সাধাৰণ সম্পাদক আব্দুল ওৱাহাৱ, শিক্ষক আব্দুল হক, বাহ বেতৰ প্ৰশিক্ষক ইয়াছিন আলী প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তিয়ে সমাজত বৰ্তমানেও  অৱহেলি, লাঞ্ছিত, নিৰ্যাতিত হৈ থকা প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা শাৰীৰিকভাৱে অক্ষম লোকৰ জীৱনৰ সমস্যাৰাজিৰ  ওপৰত বহলভাৱে গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে।

বিশ্বত সাধাৰণ মানুহৰ দৰে সমান্তৰালভাবে আগুৱাই যোৱাৰ হেপাহ থকা এই সকল প্ৰতিবন্ধী ব্যক্তি সকলে বঞ্চনাৰ সন্মুখীন হৈ অহাত অতিথি সকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে চৰকাৰৰ বিৰুদ্ধে। ন্যায্য প্ৰাপ্তিৰ দাবীত বহু আন্দোলন কৰিও চৰকাৰ পৰা বঞ্চিত হবলগীয়া হৈছে প্ৰতিবন্ধী সকল। শিক্ষাৰ ক্ষেত্ৰত প্ৰতিবন্ধী সকলৰ বাবে পৰ্যাপ্ত সুবিধা নিদিয়াৰ অভিযোগ তুলি চৰকাৰৰ পৰা প্ৰতিবন্ধী সকলৰ বাবে পাবলগীয়া খিনি আদায় কৰি দিয়াৰ দাবী তুলি বক্তব্য দাঙি ধৰে সন্হাৰ বিষয় ববীয়া সকলে। দলগাওঁ আঞ্চলিক বিকলাঙ্গ উন্নয়ন পৰিষদৰ উদ্যোগত   প্ৰতিবন্ধী  সকলৰ মাজত চলি থকা বাহ বেতৰ প্ৰশিক্ষণ শিবিৰটোৰ প্ৰশংসা কৰি অতিথি সকলে বক্তব্য দাঙি ধৰে।

এইধৰণৰ হাতৰ কামৰ ওপৰত অন্যান্য প্ৰশিক্ষণ সমুহো প্ৰতিবন্ধী সকলৰ মাজত দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও মতপোষণ কৰে অতিথিসকলে। প্ৰশিক্ষণ চলি থকা সময়তে দলগাও ৰাজহ চক্ৰ বিষয়া যুৱৰাজ বৰঠাকুৰ উপস্থিত হয়। উল্লেখ্য  যে  উক্ত সভাতে বিভিন্ন খেল ধেমালি আদিত বিজয়ী প্ৰতিযোগীৰ মাজত বটা সমুহ বিতৰণ কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here