Home মুখ্য পৃষ্ঠা ৰূপালী জয়ন্তী উদযাপনৰ দিন সলনি

ৰূপালী জয়ন্তী উদযাপনৰ দিন সলনি

298
0

DB Live, সোণাৰিঃ সোণাৰিৰ শিশু চেমনীয়াৰ প্রতিভা বিকাশৰ অনুষ্ঠান পথিকৃৎ গোষ্ঠীৰ ৰূপালী জয়ন্তী উদযাপনৰ দিন অহা ১৯ আৰু ২০ জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছে বুলি উদযাপন সমিতিৰ এক সূত্ৰে প্ৰকাশ কৰিছে।

সূত্ৰটোৱে জানিব দিয়া মতে ৰূপালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি ১৯ জানুৱাৰী সোণাৰি ৰাজহুৱা প্ৰক্ষাগৃহত পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পন, ভূপেন্দ্ৰ সংগীত আৰু সাধু কোৱা প্ৰতিযোগিতা অনুষ্ঠিত হব।

আনহাতে ২০ জানুৱাৰী কুইজ প্ৰতিযোগিতা আৰু দিনৰ ৩ বজাৰ পৰা মুকলি সভা, বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি স্মৃতি গ্ৰন্থ প্ৰকাশ কৰা হব বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here