Home মুখ্য পৃষ্ঠা লাহোৱালত মুখামুখি পথ দুৰ্ঘটনাত আহত ৬

লাহোৱালত মুখামুখি পথ দুৰ্ঘটনাত আহত ৬

727
0

DB Live, লাহোৱালঃ লাহোৱালৰ ৩৭ নং ঘাইপথত আজি সন্ধিয়া প্ৰায় ৫ বজাত এক মুখামুখি পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত ৩ টা কিশোৰ-কিশোৰীৰ লগতে ৩ গৰাকী মহিলাই গুৰুত্বভাৱে আহত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হবলগীয়া হয়।

জানিব পৰা মতে মোহনবাৰীৰ পৰা অহা এ এছ ০৬ এচি -৯০৭৭ নম্বৰৰ তিনিচকীয়া যাত্ৰীবাহী বাহনখনৰ সৈতে তিনিচুকীয়াৰ অভিমুখে গৈ থকা এ এছ ০৬ এচি ৪২৭০ নম্বৰৰ বাহনখনৰ মুখামুখি সংৰ্ঘষ হয়।

ফলত তিনিচকীয়া বাহনখনত  থকা থকা ৩ টা কিশোৰ, কিশোৰীৰ লগতে ৩ গৰাকী মহিলাৰ গুৰুত্বভাৱে আহত হৈ সংকটজনক অৱস্থাতস্হানীয় ৰাইজে ১০৮ ৰ যোগেদি অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here