Home মুখ্য পৃষ্ঠা লাহোৱালত পঞ্চায়ত নিৰ্বাচনী পয্যালোচনা সভা

লাহোৱালত পঞ্চায়ত নিৰ্বাচনী পয্যালোচনা সভা

198
0

DB Live, লাহোৱালঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত লাহোৱাল কৰম ভৱনত আজি পঞ্চায়ত নিৰ্বাচনী পয্যালোচনা সভা অনুষ্ঠিত হয়। বিজেপিৰ পঞ্চায়ত নিৰ্বাচনী প্ৰাৰ্থী সকলে ক্ৰমে জিলা পৰিষদৰ সদস্য সকল ,গাওঁ পঞ্চায়তৰ সভাপতি ,আঞ্চলিক পঞ্চায়তৰ সদস্য তথা সদস্যা সকল আৰু লাহোৱাল সমষ্টিৰ প্ৰতিটো ৱাৰ্ড সদস্য-সদস্যৰ লগত এক ব্যক্তিক্ৰমী নিৰ্বাচনী পয্যালোচনা সভা অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে প্ৰতিটো প্ৰাৰ্থীক হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে বিতংকৈ আলোচনা কৰা হয়। ডিব্ৰুগড় জিলাৰ লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীৰ উপস্থিত পৌৰহিত্য কৰা আৰু আতধৰা অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলা বিজেপিৰ উপসভাপতি পদ্মকান্ত গগৈয়ে।

উক্ত সভাত  লোকসভাৰ নিৰ্বাচনৰ উপলক্ষে সাজু হোৱাৰ মত পোষণ কৰে ডিব্ৰুগড় লোকসভাৰ সাংসদ ৰামেশ্বৰ তেলিয়ে। উক্ত সভাত উপস্থিত আছিল ক্ৰমেঃ লাহোৱাল জিলা পৰিষদৰ সদস্য আৰু সদস্যা ,গাওঁ পঞ্চায়তৰ সভাপতি আৰু সভানেত্ৰী সকল, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু সদস্যা সকল ,লাহোৱাল সমষ্টিৰ প্ৰতিটো ৱাৰ্ড সদস্য, সদস্যা সকল, ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ইন্দ্ৰ গগৈ, লাহোৱাল মণ্ডলৰ সভাপতি সঞ্জয় হাজৰিকা ,বিজেপিৰ মিডিয়া কোষৰ আহ্বায়ক প্ৰাঞ্জল প্ৰতীম বৰুৱা, ডিব্ৰুগড় জিলাৰ বিজেপিৰ উপাধ্যক্ষ ৰৱীন গগৈ, ডিব্ৰুগড় জিলা চাহ কল্যাণ পৰিষদৰ সভাপতি সুশিল তাচা,আৰু বহুতো দলীয় সক্ৰিয় সদস্য সকল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here