Home অসম শিৱসাগৰত বৃহত জুৱা ঘাটী উচ্ছেদঃ আৰক্ষীৰ জালত ৩০ জুৱাৰী Video

শিৱসাগৰত বৃহত জুৱা ঘাটী উচ্ছেদঃ আৰক্ষীৰ জালত ৩০ জুৱাৰী Video

136
0

DB Live,শিৱসাগৰঃ শিৱসাগৰত উৎখাত হৈছে এটা বৃহত জুৱা ঘাটী। সোমবাৰে নিশা ডি এচ পি শুভলক্ষ্মী দত্তই চলোৱা এক অভিযানত আৰক্ষীৰ জালত পৰে ৩০ টা জুৱাৰী। শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ এটা চৰকাৰী ঘৰত দীৰ্ঘদিন ধৰি অব্যাহত আছিল জুৱাখেল আৰু অসামাজিক কৰ্ম।

স্থানীয় লোকৰ এনে অভিযোগৰ ভিত্তিতে গোপনে অভিযান চলাই বৃহত সংখ্যক জুৱাৰীক আৰক্ষীয়ে হাতে লোটে ধৰিবলৈ সক্ষম হয়। ৩০ টা জুৱাৰীক একেলগে সদৰ থানালৈ নিবলৈ আনিব লগা হয় চি আৰ পি এফৰ বাছ। নিশাই আটাইকেইটা জুৱাৰীক স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হয় শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ। সম্প্ৰতি শিৱসাগৰ সদৰ থানাৰ পৰা জেললৈ প্ৰেৰণ কৰা হৈছে আটাই-কেইটাক জুৱাৰীক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here