Home মুখ্য পৃষ্ঠা চৰাইদেউত অব্যাহত আছে  হাতী-মানুহৰ সংঘাত 

চৰাইদেউত অব্যাহত আছে  হাতী-মানুহৰ সংঘাত 

311
0

সোণাৰিৰপৰা অভিজিৎ ভূঞাঃ চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। বিগত কিছুদিন ধৰি জিলাখনৰ বিভিন্ন স্থানত বন্য হস্তীয়ে তাণ্ডৱ চলোৱাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাই থকাৰ সময়তে আজি নিশা পুনৰ বন্য হস্তীয়ে বাসগৃহ ভাঙি তচনচ কৰা ঘটনা সংঘটিত হৈছে।

অসম-নগালেণ্ড সীমান্তৱৰ্তী খেৰবাৰী এলেকাত নিশা বন্য হস্তীৰ জাক এটা প্ৰবেশ কৰি পুচু ভূমিজ নামৰ লোক এজনৰ বাসগৃহ ভাঙি থৈ যোৱাৰ লগতে বহুকেইটা পৰিয়ালৰ বাৰীৰ চৌহদত সোমাই তহিলং কৰি থৈ যায়।

ইফালে হাতীৰ আক্ৰমণৰ ফলত পুচু ভূমিজৰ পৰিয়ালটো মুকলি আকাশৰ তলত উজাগৰী নিশা কটাব লগীয়া হৈছে যদিও বন বিভাগৰ লোকে অদ্যপি প্ৰয়োজনীয় সহযোগিতা নকৰাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰামতে বন বিভাগৰ বিষয়া আহি এক হাজাৰ টকা দিয়েই দায়িত্ব সামৰিলে বন বিভাগে। উল্লেখ্য যে বছৰটোৰ বিভিন্ন সময়ত এই অঞ্চলত হাতীৰ আক্ৰমণ চলি থাকে যদিও কৃষকে ধান চপোৱাৰ সময়ত উপদ্ৰব বৃদ্ধি পাই আহিছে বিগত বছৰসমূহৰপৰাই।

আনহাতে পাৰ্শ্ববৰ্তী অভয়পুৰ সংৰক্ষিত বনাঞ্চলত অবৈধ চোৰাং কাঠৰ ব্যৱসায়ীয়ে গছ কাটি ধ্বংস কৰাৰ লগতে বনাঞ্চলখনত হাতীৰ বাবে প্ৰয়োজনীয় খাদ্যৰ নাটনি হোৱা বাবেই খাদ্যৰ সন্ধানত হাবিৰ পৰা ওলাই আহে হাতীৰ জাকটো। ইফালে বন বিভাগৰ তৰফৰপৰা হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে বিশেষ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰা বাবেই দিনক দিনে বৃদ্ধি পাইছে বন্য হস্তীৰ আক্ৰমণ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here