Home মুখ্য পৃষ্ঠা সাফল্যৰ ধাৰা অক্ষুন্ন ৰখাত ব্যৰ্থ বিজেপি

সাফল্যৰ ধাৰা অক্ষুন্ন ৰখাত ব্যৰ্থ বিজেপি

309
0

কংগ্ৰেছ মুক্ত দেশ স্বপ-ভংগ প্ৰধান মন্ত্ৰী মোডীৰ শিবিৰত কেৱল বিষাদৰ ছাঁয়াঃ ৰাহুলৰ শিবিৰত চলিছে উল্লাসৰ ঢৌ চাৰি বছৰ পূৰ্বে যি সাফল্য লাভ কৰি দেশৰ মছনদ দখল কৰিছিল সেই সাফল্যৰ ধাৰা অব্যাহত ৰখাত ব্যৰ্থ হৈ পৰিল শাসনাধিষ্ঠিত বিজেপি। আনহাতে ভাৰতবৰ্ষৰ পৰা কংগ্ৰেছ মুক্ত কৰাৰ যি শ্ল’গান আছিল সেয়াও আজিৰ দিনটোত চেঁচা পানী পৰিল নৰেন্দ্ৰ মোডী নেতৃত্বধীন বিজেপিৰ। উল্লেখ্য যে ২০১৪ চনত বিপুল সংখ্যা গৰিষ্ঠতা লাভ কৰি শাসনত অধিষ্ঠিত হৈছিল নৰেন্দ্ৰ মোডীৰ বিজেপি। কিন্তু হিন্দী বলয়ত থকা গেৰুৱা দলটোৰ দুৰ্গ মাত্ৰ চাৰিটা বছৰতে খহি পৰিল।

আজিৰ দিনটোত প্ৰধান মন্ত্ৰী মোডীৰ শিবিৰত কেৱল বিষাদৰ ছাঁয়া। ইয়াৰ বিপৰীতে বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ শিবিৰত চলিছে উল্লাসৰ ঢৌ। গুৰুত্বপূৰ্ণ যে আজি ঘোষিত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ আগতীয়া ইংগিত বহুখিনি বহন কৰিলে। ‘দিল্লী দখলৰ ছেমি ফাইনেল’ হিচাপে ৰাজনৈতিক শিবিৰত পৰিগণিত পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত তিনিখনতে মুখ থেকেচা খালে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিয়ে। মধ্যপ্ৰদেশ, ৰাজস্থান, ছট্টিশগড়ত কংগ্ৰেছ দলে যিদৰে আসন লাভ কৰি মোডীৰ শিৱিৰত মুখ থেকেচা খুৱালে তাকে লৈ ২০১৯ চনত হ’বলগা লোকসভা নিৰ্বাচনত বিজেপিয়ে সুফল লাভ কৰাৰ আশা ক্ষীণ হৈ পৰিছে। আনহাতে তেলেংগানা আৰু মিজোৰামত শাসনাধিষ্ঠিত বিজেপিয়ে এখনকৈ আসন লাভ কৰি নিজৰ স্থিতি বাহাল ৰাখিলে। ইয়াৰ বিপৰীতে তেলেংগানাত টিআৰএছ দলে ৮৭ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰাৰ বিপৰীতে কংগ্ৰেছে টিডিপিৰ সৈতে জোট বন্ধন কৰি ২১ খন আসন লাভ কৰে।

ফলত এই ৰাজ্যখনে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ শক্তিশালী স্থিতি পুনৰবাৰ প্ৰতিপন্ন কৰিলে। আনহাতে মিজোৰামত এম এন এফ দলে ২৬ খন আসন লাভ কৰি আইজলৰ মচনদ দখল কৰে। ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে পাঁচখন আসন লাভ কৰি দ্বিতীয় সংখ্যা গৰিষ্ঠ দল হিচাপে পৰিগণিত হয়। কিন্তু মাত্ৰ এখন আসন লাভ কৰি শাসনাধিষ্ঠিত দলটোৱে নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলত কংগ্ৰেছ দলে নিজৰ হেৰুওৱা স্থিতি উদ্ধাৰ কৰিবলৈ আসন্ন লোকসভা নিৰ্বাচনৰ পূৰ্বে মিজোৰামত নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল যদিও ব্যৰ্থ হয়। ফলত উত্তৰ পূবৰ কোনো ৰাজ্যতে কংগ্ৰেছ দল আজিৰ দিনটোত শাসনাধিষ্ঠিত হ’বলৈ সুবিধা লাভ কৰা নাই।

এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলে বিজেপিৰ কংগ্ৰেছ শূন্য ভাৰতবৰ্ষৰ সপোন বাস্তৱত পৰিণত কৰাৰ বিপৰীতে চাৰসাৰ হৈ পৰিল। আনহাতে কংগ্ৰেছ দলে পুনৰ হেৰুওৱা স্থিতি ঘূৰাই আনিবলৈ সক্ষম হৈছে। ফলত ছেমি ফাইনেলৰূপে পৰিগণিত এই পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে নৰেন্দ্ৰ মোডী নেতৃত্বধীন বিজেপিলৈ বিপদৰ সংকেত কঢ়িয়াই আনিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here