Home মুখ্য পৃষ্ঠা প্ৰতিষ্ঠান বিৰোধী ঢৌঃ ৰাজস্থানত বসুন্ধৰা নেতৃত্বাধীন বিজেপি চৰকাৰৰ অৱসান

প্ৰতিষ্ঠান বিৰোধী ঢৌঃ ৰাজস্থানত বসুন্ধৰা নেতৃত্বাধীন বিজেপি চৰকাৰৰ অৱসান

308
0

পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ চূড়ান্ত সিদ্ধান্ত ল’ব ৰাহুল গান্ধীয়েঃ অশোক গেহলট
ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ অৱসানৰ উমান পায়েই ৰাজস্থানৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অশোক গেহলটে মঙলবাৰৰ ভোটগণনাৰ সমান্তৰালভাৱে নিৰ্দলীয় আৰু সমভাৱাপন্ন দলসমূহৰ সৈতে সমীকৰণ ৰচনা কৰিছে।

সকলো নিৰ্দলীয় বিধায়কক গেহলটে কংগ্ৰেছে চৰকাৰ গঠন কৰাত সমৰ্থন জনাবলৈ কয়। উল্লেখ্য যে সাত ডিচেম্বৰত ৰাজ্যখনৰ ২০০ টা বিধানসভা সমষ্টিৰ ১৯৯ খনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। কংগ্ৰেছেই যে ৰাজস্থানৰ পৰৱৰ্তী চৰকাৰ গঠন কৰিব, সেই কথা মঙলবাৰেদুপৰীয়াৰ ভাগতেই পৰিস্ফূট হৈ পৰে। সেয়ে গেহলটক সাংবাদিক ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব বুলি সোধাত তেওঁ কয় যে এইক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে। জয়ৰ উমান পায়েই ৰাজস্থান কংগ্ৰেছৰ মুৰববী শচীন পাইলটে কয় যে এই ফলাফল ৰাহুল গান্ধীৰ বাবে উপহাৰ।

বিজেপিৰ নেত্ৰী আৰু মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেক দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত নকৰাৰ সকলোবোৰ পৰিকল্পনা ৰচনা কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটে। প্ৰসংগক্ৰমে ‘প্ৰতিষ্ঠান-বিৰোধী’ ঢৌৰ সন্মুখীন হ’বলগীয়া হৈছিল বসুন্ধৰা ৰাজে নেতৃত্বাধীন চৰকাৰখনে। মূলতঃ বিগত সময়ছোৱাত ৰাজপুত আৰু জাঠসকলক কৰা অন্যায়ে চৰকাৰখনৰ বিৰুদ্ধে জনসাধাৰণ সৰৱ হৈ পৰিছিল। কংগ্ৰেছৰ শচীন পাইলট, বিজেপিৰ বসুন্ধৰা ৰাজে, সুৰেশ ৰাৱাট, কংগ্ৰেছৰ গোবিন্দ ৰাম আদি গুৰুত্বপূৰ্ণ নেতাই জয়লাভ কৰিছে। উল্লেক্য যে ২০০ খন আসন বিশিষ্ট ৰাজস্থান বিধানসবাত চৰকাৰ গঠনৰ বাবে ১০১ খন আসনৰ প্ৰয়োজনীয়তা আছে। কিন্তু আলৱাৰ জিলাৰ ৰামগড় বিধানসভা সমষ্টিত বি এছ পিৰপ্ৰাৰ্থী লক্ষ্মণ সিঙৰ বিয়োগ ঘটাত সমষ্টিটোত নিৰ্বাচন পিচুৱাই দিয়া হয়। পৰৱৰ্তী সময়ত ইয়াত নিৰ্বাচন হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here