Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পাকিস্তান-চীনক ব্লেকলিষ্টড কৰিলে আমেৰিকাই

পাকিস্তান-চীনক ব্লেকলিষ্টড কৰিলে আমেৰিকাই

276
0

পাকিস্তান বিৰুদ্ধে আমেৰিকাই বিভিন্ন কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি থকাৰ মাজতে আজি দেশখনৰ বিৰুদ্ধে পুনৰ আন এক ব্যৱস্থা গ্ৰহণ কৰে মাৰ্কিন প্ৰশাসনে। পাকিস্তান আৰু চীনক শেহতীয়াকৈ মাৰ্কিন প্ৰশাসনে ব্লেকলিষ্টেড কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি মাৰ্কিন সচিব মাইক পম্পিয়ই এই বিষয়ে ঘোষণা কৰি কয় যে ধৰ্মীয় স্বাধীনতা উলংঘনৰ ক্ষেত্ৰত পাকিস্তান আৰু চীন বহু দেশতকৈ আগবঢ়া। এই দেশ দুখনত ধৰ্মীয় স্বাধীনতা বুলি ক’বলৈ একো নাই। এক বিশেষ ধৰ্মাৱলম্বী লোকেহে এই দেশ দুখনত ধৰ্মীয় স্বাধীনতা উপভোগ কৰি আহিছে বুলি মাইক পম্পিয়ই মন্তব্য কৰে। সেইবাবেই পাকিস্তান আৰু চীনক শেহতীয়াকৈ আমেৰিকাই ব্লেকলিষ্টেড কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে বুলি মাৰ্কিন সচিবগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উল্লেখ্য ইয়াৰ পূৰ্বেও আমেৰিকাই ধৰ্মীয় স্বাধীনতা উলংঘন কৰাৰ বাবে চৌডি আৰব, চুডান, উত্তৰ কোৰিয়া, ম্যানমাৰ, তুৰ্কমেনিস্তান, তাজিকিস্তান আদি দেশসমূহক ব্লেকলিষ্টেড কৰিছিল। অৱশ্যে এইক্ষেত্ৰত ভাৰতক আজিলৈকে আমেৰিকাই ব্লেকলিষ্টেড কৰা নাই। ভাৰতে ধৰ্মীয় স্বাধীনতা ৰক্ষা কৰাৰ ক্ষেত্ৰত এক নিৰপেক্ষ নীতি গ্ৰহণ কৰি অহাৰ বাবেই আমেৰিকাই ভাৰতৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here