Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ৰাজস্হানৰ উপ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত হ’ব পাৰে শচীন পাইলট

ৰাজস্হানৰ উপ মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত হ’ব পাৰে শচীন পাইলট

301
0

ৰাজস্থানৰ মুখ্যমন্ত্ৰী কোন হ’ব তাকে লৈ ব্যাপক চৰ্চা চলি থকাৰ মাজতে একাংশ কংগ্ৰেছ সমৰ্থকে শচীন পাইলটক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী

পদত অধিষ্ঠিত কৰাৰ বাবে দাবী উত্থাপন কৰিছে। কিন্তু কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বত শচীন পাইলটক ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ ইচ্ছা কৰা নাই। ইয়াৰ

মাজতে আজি নতুন দিল্লীত থকা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৰাজস্থান কংগ্ৰেছৰ একাংশ কৰ্মীয়ে শচীন পাইলটক ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত

নকৰিলেও তেওঁক উপ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ তীব্ৰ দাবী উত্থাপন কৰে। কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী

হিচাপে শচীন পাইলটক নিযুক্তি দিয়াৰ বিষয়টো উৰ্ধতন নেতৃত্বই বিচাৰ বিবেচনা কৰি আছে। যদি সকলো ঠিকে থাকে তেন্তে শচীন পাইলটকেই ৰাজস্থানৰ উপ

মুখ্যমন্ত্ৰী হিচাপে নিযু্ক্তি দিয়া হ’ব পাৰে বুলি কংগ্ৰেছৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে। ইপিনে কংগ্ৰেছৰ আন এটা সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি শচীন পাইলটৰ সলনি

জ্যোতিৰাদিত্য সিন্ধিয়াক ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ বহুতে হেঁচা প্ৰয়োগ কৰি আহিছে। এনে পৰিস্থিতিত শচীন পাইলট অথবা জ্যোতিৰাদিত্য

সিন্ধিয়াৰ মাজৰে কোনোবা এজনক ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। এই নিযুক্তি অতি কম দিনৰ ভিতৰতে দিয়াৰ

সম্ভাৱনাৰ কথাও ব্যক্ত কৰিছে কংগ্ৰেছৰ শীৰ্ষ সূত্ৰটোৱে। উল্লেখ্য ৰাজস্থানত এইবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here