Home মুখ্য পৃষ্ঠা আম্বানীৰ দৰে পুজিপতিৰ নেতৃত্বত চলিছে দেশৰ সংবাদ মাধ্যম….

আম্বানীৰ দৰে পুজিপতিৰ নেতৃত্বত চলিছে দেশৰ সংবাদ মাধ্যম….

121
0


আম্বানীৰ দৰে পুজিপতিৰ নেতৃত্বত চলিছে দেশৰ সংবাদ মাধ্যম৷
নীলবাগানত অনুষ্টিত ৰাষ্ট্ৰীয় প্ৰেছ দিবসৰ কাৰ্যসুচীত বেদব্ৰত বৰা৷
**********************

দৈনন্দিন বাৰ্তা LIVE@ )(ছাদিকুজ জামান) মোৰাঝাৰ ১৬ নবেম্বৰ:
আজিৰ সংবাদ মাধ্যম স্বতন্ত্ৰ নহয়৷একাংশ পুজিপতিৰ আঙুলিৰ ইচাৰাত চলি আছে দেশৰ সংবাদ মাধ্যম৷এই মন্তব্য বিশিষ্ট সাংবাদিক তথা আছাম টকচৰ প্ৰাক্তন পৰিচালন সঞ্চালক বেদব্ৰত বৰাৰ৷আজি নীলবাগানত পূৰ্বোত্তৰ হোজাই জিলা সাংবাদিক সন্থাৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিবসৰ কাৰ্যসুচীত অংশগ্ৰহন কৰি এই মন্তব্য প্ৰদান কৰে সাংবাদিক বেদব্ৰত বৰাই৷
হোজাই জিলাৰ কেইবাটাও প্ৰেছ ক্লাৱৰ দ্বাৰা গঠিত পূৰ্বোত্তৰ হোজাই জিলা সাংবাদিক সন্থাৰ উদ্যোগত যোৱা বছৰৰ দৰে আজিও দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিবস উদযাপন কৰা হয়৷নীলবাগানৰ লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ চ’ৰা ঘৰত সন্থাৰ সভাপতি সুব্ৰত চৰকাৰ পৌৰহিত্যত অনুষ্টিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ প্ৰচাৰ সম্পাদক ছাদিকুজ জামানে৷সন্থাৰ সম্পাদক আব্দুল কাদিৰে আঁতধৰা সভাখনত আদৰনি অনুষ্টান পৰিচলনা কৰে সহ সম্পাদক মাহমুদ আলীয়ে ৷ ১১ বজাত সাংবাদিক কফিল উদ্দিন বৰভুঞাৰ সম্পাদনাত পূৰ্বোত্তৰ হোজাই জিলা সাংবাদিক সন্থাৰ বছৰেকীয়া মুখপত্ৰ “কলমৰ দাপোন ” নামৰ আলোচনীখন বিশিষ্ট অতিথি আৰু শিক্ষাবিদ সকলৰ দ্বাৰা উন্মোচন কৰা হয় ৷ দিনৰ চাৰে এঘাৰ বজাত মুকলি সভাৰ শুভাৰম্ভ কৰে হাজী আনফৰ আলী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড৹ হাচিনুচ চুলতানে ৷ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কাৰ্যসুচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে – অসম টকছৰ প্ৰাক্তন পৰিচালন সঞ্চালক তথা বিশিষ্ট সাংবাদিক বেদব্ৰত বৰা, নীলবাগানৰ সু সন্তান বিশিষ্ট সাংবাদিক জিয়াউৰ ৰহমান ৷ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ভাষন প্ৰদান কৰে- নীলবাগান মডেল উচ্চতৰ মাদ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহাম্মদ বৰভুঞা, হোজাই আজমল ফাউণ্ডেচনৰ কমৰুল হক, শিক্ষাবিদ ৰফিক উদ্দিন বৰভুঞা, কবি আতৰ আলী চৌধুৰী, আনফৰ ফাউণ্ডেচনৰ সহযোগী পৰিচালক ফিৰুজ আহমেদ লস্কৰ, নীলবাগান মডেলৰ চিকিৎসক আজিজুৰ ৰহমান, অভিযন্তা আইনুল হক চৌধুৰীৰ লগতে আন বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে ৷ উল্লেখ্য যে, কাৰ্যসূচীৰ অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি সুব্ৰত সৰকাৰে৷ ৮.১৫ বজাত শ্বহীদ তৰ্পন শুভাৰম্ভ কৰে সন্থাৰ সম্পাদক সহ অন্যান্য সদস্য সকলে ৷পুৱা ৯ বজাত নীলবাগান মডেল হস্পিতালত শিক্ষক শ্বাকিৰ আহমেদ বৰভুঞাৰ সহযোগত বৃক্ষ ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে হোজাইৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া শ্বফিকুৰ ৰহমানে৷ পুৱা দহ বজাত সমাজ সেৱা মুলক অনুষ্ঠান মুকলি কৰে শিক্ষক ৰফিক উদ্দিন বৰভুঞাই ৷ সমাজ সেৱামুলক অনুষ্টানৰ লগত সংগতি ৰাখি অঞ্চলটোৰ তিনি গৰাকী কৃতি শিক্ষাৰ্থীক কিতাপ কলম আদি পঢ়াৰ সামগ্ৰী যোগান ধৰে ৷ সভাত দেশত মহিলা সাংবাদিকতাৰ আৱশ্যকতাৰ লগতে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি আৰু সংবাদ মাধ্যমৰ ভুমিকা সন্দৰ্ভত আলোচনা চক্ৰত ভাষন প্ৰদান কৰে বহু কেইজন বক্তাই৷ আলোচনাচক্ৰত দিয়া ভাষন প্ৰসংগত বেদব্ৰত বৰাই কয় যে কিছু ৰাজনৈতিক নেতাই দেশত সাম্প্ৰদায়িকতাৰ সৃষ্টিৰে দেশত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে৷হিন্দু আৰু মুছলমানে কেতিয়াও পৰস্পৰে পৰস্পৰক সাম্প্ৰদায়িক দৃষ্টিভংগীৰে নাচায়৷এটা বিশেষ চক্ৰই হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰি মুনাফা লব বিচাৰিছে৷শান্তপ্ৰিয় অসমৰ ৰাইজে সেয়া কেতিয়াও হবলৈ নিদিয়ে৷আজি হিন্দুৱে মুছলিমৰ ঘৰত আৰু মুছলিমে হিন্দুৰ ঘৰত বিনাদ্বিধাৰে যাব পাৰে আৰু এনেদৰে মিলিপ্ৰীতিৰে সকলোৱে অসমত ধৰ্মনিৰপেক্ষতাৰ পৰিচয় দি আহিছে বুলি তেওঁ মন্তব্য কৰে৷ নীলবাগানৰ সু সন্তান জিয়াউৰ ৰহমানে তেওঁৰ বক্তব্যত এন আৰ চিৰ প্ৰসংগ উল্লেখ কৰি এই সন্দৰ্ভত স্থানীয় ৰাইজক ভীতিগ্ৰস্থ নহবলৈ আহ্বান জনায়৷প্ৰকৃত ভাৰতীয় হলে শংকিত হোৱাৰ কোনো কাৰন নাই বুলি তেওঁ উল্লেখ কৰি কয় যে এন আৰ চিৰ খচৰাৰ পৰা নাম বাদ পৰিলেও পুনৰ নাম সন্নিবিষ্ট কৰাৰ ব্যৱস্থা যিহেতু আছে সেয়ে শংকিত হোৱাৰ কোনো কিৰন নাই বুলি তেওঁ এন আৰ চি প্ৰসংগত বিতং বাখ্যা আগবঢ়ায়৷উক্ত প্ৰেছ দিৱস সুচাৰুৰূপে উদযাপিত হোৱাত সন্থাই সকলো ৰাইজৰ শলাগ লয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here