Home মুখ্য পৃষ্ঠা মৰাণ বিধানসভা সমষ্টিত উৰিল বিজেপিৰ বিজয়ধ্বজা : কংগ্ৰেছৰ খহিল দুৰ্গ

মৰাণ বিধানসভা সমষ্টিত উৰিল বিজেপিৰ বিজয়ধ্বজা : কংগ্ৰেছৰ খহিল দুৰ্গ

203
0

মৰাণ সমষ্টিৰ ১৬খন গাও পঞ্চায়তৰ ভিতৰত বিজেপিয়ে মুঠ ১৪ খন গাও পঞ্চায়ত দখল কৰিছে আৰু কংগ্ৰেছে কেৱল দুখন গাওঁ পঞ্চায়তত সভাপতি পদটো দখল কৰিছে আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিজিপিয়েই দখল কৰে । অগপ এখনো পাবলৈ সক্ষম নহল। বিজেপিয়ে দখল কৰা ১৪ খন পঞ্চায়ত হ’ল —(১)গছপুৰীয়া গাওপঞ্চায়তৰ সভাপতি টুটুমণি চুতীয়া আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য বিনতী চাওঁৰা জয়ী হৈছে। উক্ত পঞ্চায়তটো কংগ্ৰেছে ৬ টা আৰু বিজেপিয়ে ৪ টা ৱাডত জয়ী হৈছে। (২) খোৱাং গাওঁ পঞ্চায়তত সভাপতি শিপ্ৰা ফুকন আৰু আঞ্চলিকৰ সদস্য সুৰজিৎ সোনোৱাল জয়ী। উক্ত পঞ্চায়তটো বিজেপিয়ে ৯ টা আৰু অগপই ১টা ৱাডত জয়ী হৈছে।(৩)চেপন গাও পঞ্চায়তত সভাপতি দীপক তাঁতী আৰু আঞ্চলিকৰ সদস্য ভাৰতী খাৰীয়া জয়ী।উক্ত পঞ্চায়তটোত বিজেপিয়ে ৭ টা আৰু কংগ্ৰেছে ৩ টা ৱাডত জয়ী হৈছে। (৪) নাহৰণি গাওঁ পঞ্চায়তত সভাপতি পদত কল্পেন্দ্ৰ কোঁৱৰ আৰু আঞ্চলিক সদস্য পদত ৰাজশ্ৰী শইকীয়া জয়ী হৈছে।উক্ত পঞ্চায়তটোত বিজেপিয়ে ৮ টা, কংগ্ৰেছে ১টা আৰু অগপই ১টা ৱাডত জয়ী হৈছে। (৫)তিলৈ গাওঁ পঞ্চায়তত সভাপতি পদত দিলীপ বৰুৱা আৰু আঞ্চলিক সদস্য পদত ৰুণা সোনোৱাল জয়ী হৈছে।উক্ত পঞ্চায়তটোত বিজেপিয়ে ৮ টা আৰু কংগ্ৰেছে ২টা ৱাড দখল কৰে। (৬)বগীবিল গাওঁ পঞ্চায়তত নিশাৰাণী বৰুৱা আৰু আঞ্চলিকৰ সদস্য পদত নৰেন দাস জয়ী হৈছে। উক্ত পঞ্চায়তটোত বিজেপিয়ে ৮ টা আৰু কংগ্ৰেছে ২ টা ৱাডত জয়ী হয়। (৭)হালধিবাৰী গাওঁ পঞ্চায়তত সভাপতি পদত বাসন্তী দিহিঙ্গীয়া বড়া আৰু আঞ্চলিক সদস্য পদত দ্বীজেন চেতিয়া জয়ী হৈছে।উক্ত পঞ্চায়তটো বিজেপিয়ে ৭ টা,কংগ্ৰেছে ২ টা আৰু অগপই ১টা ৱাডত জয়ী হয়।(৮)কোটোহা আঞ্চলিক পঞ্চায়তত সভাপতি পদত সুমন মেছ দিহিঙ্গীয়া আৰু আঞ্চলিক সদস্য পদত দিন বৰুৱা জয়ী হৈজে।উক্ত পঞ্চায়তটোত বিজেপিয়ে ৭টা আৰু কংগ্ৰেছে ৩টা ৱাডত জয়ী হয়। (৯)লেজাই গাও পঞ্চায়তত সভাপতি পদত ৰীমা দাস আৰু আঞ্চলিক সদস্য পদত ৰাজু নায়ক জয়ী হৈছে।(১০)পথালিবাম গাওঁ পঞ্চায়তত সভাপতি পদত চুচেন ফুকন আৰু আঞ্চলিক সদস্য পদত সুভাষ নায়ক জয়ী হৈছে।(১১)গৰুধৰীয়া গাওঁ পঞ্চায়তত সভাপতি পদত নীতুমণি চেতিয়া গগৈ আৰু আঞ্চলিকৰ সদস্য পদত দুৰ্লভী চুংক্ৰাং দেউৰী জয়ী হৈছে। উক্ত পঞ্চায়তটোত বিজেপিয়ে ৭ টা আৰু কংগ্ৰেছে ৩ টা ৱাডত জয়ী হয়। (১২)কলাখোৱা গাওঁ পঞ্চায়তত সভাপতি পদত মৰমী সন্দিকৈ আৰু আঞ্চলিক সদস্য পদত মৰিনল মিলি জয়ী হৈছে।উক্ত পঞ্চায়তটোত বিজেপিয়ে ৮ টা আৰু কংগ্ৰেছে ২ টা ৱাডত জয়ী হয়। (১৩)মৰাণ-দিখাৰী গাওঁ পঞ্চায়তত সভাপতি পদত অনিমা ভূঞা আৰু আঞ্চলিক সদস্য পদত মীৰা কৰ্মকাৰ জয়ী হৈছে।উক্ত পঞ্চায়তটোত ৭টা বিজেপি আৰু৩ টা ৱাডত ((১৪) বামুনবাৰী গাওঁ পঞ্চায়তত সভাপতি পদত মামনী উজীৰ আৰু আঞ্চলিক সদস্য পদত প্ৰদীপ দত্ত জয়ী হৈছে। উক্ত পঞ্চায়তটোত ৮ টা বিজেপি আৰু ২ টা ৱাডত কংগ্ৰেছে জয়ী হৈছে।  (১৫)আনহাতে কংগ্ৰেছে ধেমেচি গাওঁ পঞ্চায়তত সভাপতি পদ দখল কৰিছে।ধেমেচিত গাওঁ পঞ্চায়তত সভাপতি পদত কংগ্ৰেছৰ অতুল চাংমাই আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদত বিজেপি পম্পী শেনছোৱা জয়ী হৈছে।উক্ত পঞ্চায়তটোত কংগ্ৰেছে ৬ টা আৰু বিজেপিয়ে ৪ টা ৱাডত জয়ী হয়।(১৬)ৰাংচালি গাওঁ পঞ্চায়তত সভাপতি পদত কংগ্ৰেছৰ গংগা ছবৰ  আৰু আঞ্চলিক সদস্য পদত বিজেপি নোমল তাঁতী জয়ী হৈছে।উক্ত পঞ্চায়তত বিজেপিয়ে ৫ টা আৰু কংগ্ৰেছৰ ৫ টা ৱাডত জয়ী হৈছে।

ইফালে মৰাণ বিধানসভা সমষ্টিৰ জিলা পৰিষদৰ সদস্য,পদ চাৰিখনেই খনেই বিজেপিয়ে দখল কৰিছে।মৰাণ-ডিখাৰীত শিখামণি তামুলী গগৈ, নাহৰণিত মামু হাজৰিকা,চেপনত জ্যোৎস্না কৌৰী আৰু লেজাইত কালিৰাম মিলি জয়ী হৈছে।

সমষ্টিটোত পঞ্চায়ত সভাপতি পদৰ সংখ্যা মুঠ -১৬ খন। বিজেপিয়ে দখল কৰিছে ১৪ খন। কংগ্ৰেছৰ দখল কৰিজে ২ খন। অগপ ই এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল । প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন ডিব্ৰুগড় লোকসভা সাংসদ পৱন সিং ঘাটোৱাৰ আৰু মৰাণ সমষ্টি প্ৰাক্তন বিধায়িকা জীৱনতাৰা ঘাটোৱাৰৰ পৰিয়াল কেন্দ্ৰিক আৰু সম্প্ৰদায়িক ৰাজনীতি বাবেই মৰাণত কংগ্ৰেছৰ দুৰ্গ তাচ পাতৰ দৰে খহিল বুলি দলীয় কৰ্মীয়ে মন্তব্য কৰে।

আঞ্চলিক পঞ্চায়তৰ সদস্য (কাউন্সিলা) ১৬ খনেই বিজেপিয়ে দখল কৰিছে। জিলা পৰিষদৰ ৪ খন আসননেই বিজেপিয়ে দখল কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here