Home মুখ্য পৃষ্ঠা ডিব্ৰুগড়ত সাংবাদিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি

ডিব্ৰুগড়ত সাংবাদিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি

152
0

তপন

নিস্পেষিত সাংবাদিকৰ অধিকাৰ আাৰু সুৰক্ষা স্বাৰ্থত গঠিত সাংবাদিক সুৰক্ষা মঞ্চৰ প্ৰথম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন ডিব্ৰুগড়ত অনুষ্ঠিত কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে। প্ৰতিষ্ঠা কালৰে পৰাই অসমৰ নিস্পেষিত সাংবাদিকৰ প্ৰতিবাদী কণ্ঠ হিচাপে আত্মপ্ৰকাশ ঘটা সাংবাদিক সুৰক্ষা মঞ্চ, অসমে কম সময়ৰ ভিতৰত নিপিড়িত সাংবাদিকসকলৰ মাজত জনপ্ৰিয় বুটলিবলৈ সক্ষম হৈছে। ২০১৬ বৰ্ষৰ ১১ ছেপ্তেম্বৰত গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবত অসমৰ বিভিন্ন প্ৰান্তৰ কৰ্মৰত সক্ৰিয় সাংবাদিকসকলক লৈ গঠন হোৱা ‘সাংবাদিক সুৰক্ষা মঞ্চ, অসম’-এ দুটা বছৰ সম্পূৰ্ণ কৰিলে ।

আনহাতে মঞ্চৰ প্ৰথম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন অহা ২৯ আৰু ৩০ ডিচেম্বৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এক প্ৰেছ বিবৃতিত সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ছিৰাজুল ইছলাম, কাৰ্যকৰী সভাপতি হেমন্ত শৰ্মা আৰু সাধাৰণ সম্পাদক জোতিষ কুমাৰ পাতিৰে জানিবলৈ দিয়ামতে ২৯ ডিচেম্বৰৰ কাৰ্যসূচী অনুসৰি বিয়লি ৪ বজাত প্ৰতিনিধিৰ নাভ পঞ্জীয়ন আৰু ৫ বজাত প্ৰতিনিধি শিৱিৰ মুকলি কৰিব ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক মানসজ্যোতি দত্তই । ৩০ ডিচেম্বৰৰ পুৱা প্ৰায় ৯ বজাত পতাকা উত্তোলনৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব মঞ্চৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ছিৰাজুল ইছলামে। ৯.৩০ বজাত স্মৃতি তৰ্পণ কৰিব কেন্দ্ৰীয় উপদেষ্টাদ্বয় বিশ্বদেৱ মহন্ত, জীপেন দলে আৰু ৰিতুৰাজ ফুকনে। পুৱা ১০ বজাত চাহ বিৰতি পিছতে ১২ বজাত মঞ্চৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ছিৰাজুল ইছলাম আৰু কাৰ্যকৰী সভাপতি হেমন্ত শৰ্মাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ’ব। ডিব্ৰুগড় জিলা জনসংযোগৰ বিষয়া সুলক্ষণা মিথি কছাৰীয়ে উদ্বোধন কৰিবলগীয়া মুকলি সভাত আঁদৰণি ভাষণ আগবঢ়াব মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে।

বিয়লি ১ বজাত বাৰ্ষিক মুখপত্ৰ উন্মোচন কৰিব দৈনিক জনমভূমি কাকতৰ যোৰহাট সংস্কৰণৰ অৱসৰপ্ৰাপ্ত আৱাসিক সম্পাদক অৰুণ কুমাৰ দাসে।সভাত নিৰ্দিষ্ট বক্তা হিচাপে অসম বাৰ্তাজীৱি সংঘৰ সাধাৰণ সম্পাদক টুটুমনি ফুকন, সদৌ অসম সাংবাদিক সন্থাৰ মুখ্য উপদেষ্টা ইকবাল অাহমেদ, বিশিষ্ট অতিথি হিচাপে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱাল, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, অসম হাইড্ৰ’কাৰ্বন আৰু এনাৰ্জী কোম্পানী লিমিটেডৰ অধ্যক্ষ পোনাকণ বৰুৱা, স্বচ্ছ ভাৰত মিছনৰ ব্ৰেণ্ড এম্বেছাডৰ ড০ শশীকান্ত শইকীয়া, আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, সদৌ অসম মুছলিম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দাদুল আলী, বৃহত্তৰ গণ সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শৰৎ হাজৰিকা, মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা, মুছলিম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মোক্তাৰ আহমেদ চৌধুৰী, সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক চফি অালম খান, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি প্ৰবীৰ চত্ৰুৱৰ্তী, ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সম্পাদক মনজিৎ বৰা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ খনীন্দ্ৰ মিশ্ৰ ভাগৱৰ্তী, ডিব্ৰুগড় জিলাৰ বাৰ্তাজীৱি সংঘৰ সাধাৰণ সম্পাদক দীপজয় শইকীয়া, টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক নবীন মিলি, চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ ডিব্ৰুগড় জিলাৰ সভাপতি দয়ানন্দ শ্বাহ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়ব্ৰত গোহাঁই, চাবুৱাৰ সমাজকৰ্মী নিপুল কোঁৱৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ উপ-সভাপতি প্ৰদীপ হালৈ আৰু অনুসূচিত জাতি যুৱ-ছাত্ৰৰ উপ-সভাপতি পলাশ দাসকে ধৰি অসমৰ বিভিন্ন জিলাৰ মঞ্চৰ সভাপতি-সম্পাদক আৰু কেন্দ্ৰীয় প্ৰতিনিধিসকল উপস্থিত থাকিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here