Home মুখ্য পৃষ্ঠা লাহোৱাল সমষ্টিত বিজেপিৰ বিজয়ধৰ্জ্বা পঞ্চায়ত নিৰ্বাচনত বিপুল সমৰ্থনৰ বাবে লাহোৱাল সমষ্টিৰ...

লাহোৱাল সমষ্টিত বিজেপিৰ বিজয়ধৰ্জ্বা পঞ্চায়ত নিৰ্বাচনত বিপুল সমৰ্থনৰ বাবে লাহোৱাল সমষ্টিৰ ৰাইজক ধন্যবাদ :বিধায়ক ঋতুৰ্পন্ন বৰুৱা

253
0

লাহোৱালৰ পৰা দিবাকৰ দত্ত
পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনত ঐতিহাসিক সফলতা লাভ কৰা আৰু বিশেষকৈ লাহোৱাল বিধান সভা সমষ্টিত ঐতিহাসিক সফলতা লাভ কৰাৰ বাবে লাহোৱাল সমষ্টিৰ সমূহ লাহোৱাল ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে বিধায়ক ঋতুৰ্পন্ন বৰুৱাই।এক আছুতীয়া সাংখ্যাতকাৰত ঋতুৰ্পন্ন বৰুৱাই কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে -বুথ সমিতি,পৃষ্ঠা প্ৰমুখ,শক্তিকেন্দ্ৰ,মণ্ডল, আৰু বিভিন্ন বিভাগ আৰু প্ৰকল্পৰ জৰিয়তে দলৰ ভেটি তৃণমূল পয্যায়ত শক্তিশালী কৰিবলৈ সক্ষম হৈছে।আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত অসম চৰকাৰৰ জনকল্যানমুখী আচনি সমুহ ৰাজ্যবাসীৰ লগতে লাহোৱাল বাসী ৰাইজেও বিপুল সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰামহীন কৰ্মৰ ফলশ্ৰুতিত ২৭ লাখ কাৰ্যকৰ্তা উৎফুল্লিত হোৱাই নহয় লক্ষ্য জনতাৰ আস্থা, সৰ্মথন আৰু আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে এই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ, অগপকে ধৰি দলকেইটাৰ নেতৃত্ব লোৱা সকলোৱে লাহোৱাল সমষ্টিত বিজেপিয়ে চমকপ্ৰদ আৰু সফলতা লাভ কৰি সেই দলসমূহক সচেতন ভোটাৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে।বৰুৱাই আনন্দত হাঁহি, হাঁহি কয় যে লাহোৱাল সমষ্টিত অধিক আসনৰ সংখ্যা বৃদ্ধি কৰি অধিক পন্দ্ৰ দেখুৱাবলৈ সক্ষম হৈছে।

এইবাৰ লাহোৱাল সমষ্টিৰ চাৰিখন জিলা পৰিষদত আমিয়েই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছো। বৰুৱাই কয় যে লাহোৱাল জিলা পৰিষদত ভূপেন কুমাৰ গগৈ, বকুল জিলা পৰিষদত হেমপ্ৰভা ফুকন তাচা, মোহনবাৰী জিলা পৰিষদত ৰানু গগৈ, বৰবৰুৱা জিলা পৰিষদত পুষ্পাঞ্জলী সোনোৱাল আৰু গাঁও পঞ্চায়তৰ সভাপতি ক্ৰমে -দেবেছ দত্ত মদাৰখাত, আৰতি চেতিয়া ৰমাই, কমলা শাহু লাহোৱাল, প্ৰাঞ্জল চাংমাই টিমনা , জিতেন গুৱালা মাইজান ,ৰেখা সোনোৱাল বৰুৱা বকুল ,জুতি বৰুৱা হিলৈধাৰী ,ৰঞ্জন বৰুৱা মোহনবাৰী ,জুতি মেছ নিজ কানাই ,জীতুল গোহাঁই ৰহমৰীয়া ,ধৰি আঞ্চলিক পঞ্চায়তৰ সদস্য ক্ৰমে পখিলী ভূমিজ,বিভাৰানী গগৈ ,নীলা নাগবংশী, দিগন্ত নেওগ, উৰ্চিলা মুড়া, জীৱন তাতী ,কল্পনা তেলী, নিতেন হাজৰিকা ,অজয় পাটনায়ক ,নিৰ্মল মুণ্ডা ,খগেন ৰাজোৱাৰ লগতে আৰু বহুতো ৱাৰ্ড সদস্যই জয়যুক্ত হয়।একপ্ৰকাৰে লাহোৱাল সমষ্টিত এইবাৰ বিজেপিয়ে কংগ্ৰেছ আৰু অগপৰ ভেটি উৎখাত কৰিবলৈ সক্ষম হৈছে।লগতে বৰুৱাই কয় লাহোৱাল সমষ্টিৰ ৰাইজেও প্ৰমাণ কৰিছে যে কংগ্ৰেছ অগপক এইবাৰ তেওঁলোকক প্ৰত্যাখ্যান কৰিছে বুলি মত পোষণ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here