Home অসম গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা সোঁৱৰণী নাট প্ৰতিযোগিতাৰ আয়োজন

গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা সোঁৱৰণী নাট প্ৰতিযোগিতাৰ আয়োজন

113
0

সোণাৰিৰপৰা অভিজিৎ ভূঞা :

ক্ৰীড়া আৰু সাংস্কৃতিক জগতত এক অগ্ৰণী অনুষ্ঠান সোণাৰি সমলয় গোষ্ঠীৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এইবাৰো অহা ৮ আৰু ৯ জানুৱাৰী, (মঙ্গল আৰু বুধবাৰে) সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত ষষ্ঠদশ বাৰ্ষিক গীতিকবি পাৰ্ৱতি প্ৰসাদ বৰুৱা সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাখনিৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাৰ দলীয় আৰু ব্যক্তিগত বিভিন্ন শিতানত পুৰস্কাৰ আৰু মানপত্ৰ দিয়াৰ লগতে নগদ ধনৰ ব্যৱস্থা ৰখা হৈছে। দলীয় শাখাত শ্ৰেষ্ঠ নাট্যদলক নগদ ৩০,০০০/-, ২য় শ্ৰেষ্ঠ নাট্যদলক নগদ ২০,০০০/-, ৩য় শ্ৰেষ্ঠ নাট্যদলক নগদ ১৫,০০০/- টকাৰে পুৰস্কৃত কৰা হ’ব। প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক নাট্যদলসমূহক অহা ৪ জানুৱাৰীৰ ভিতৰত বেদান্ত বড়া – ৯৪৩৫৭২৭২৭১, সুৰজিত বৰা – ৯৪৩৫১৫৮০৮৩, মহানন্দ গোৱালা – ৯১০১৩২১৮৬১, দীপক শৰ্মা – ৭০০২৪০৪৬২৬ ৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তা সকলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here