Home ক্রীড়া-জগত অৰুণ জালান সোৱঁৰণী আন্তবাগিচা ফুটবল প্ৰতিযোগিতাত প্ৰমাতলী বাগিচা চূড়ান্ত বিজয়ী

অৰুণ জালান সোৱঁৰণী আন্তবাগিচা ফুটবল প্ৰতিযোগিতাত প্ৰমাতলী বাগিচা চূড়ান্ত বিজয়ী

128
0

লাহোৱালৰ পৰা দিবাকৰ দত্তৰ প্ৰতিবেদন
মোকালবাৰী কানৈ চাহ বাগিছাৰ উদ্যোগত অনুষ্ঠিত হোৱা অৰুণ জালান সোৱঁৰণী আন্তবাগিচা ফুটবল প্রতিযোগিতাৰ আজি চূড়ান্ত খেলত মাইজান চাহ বাগিচাই ৪- ২ গলৰ ব্যৱধানত প্ৰমাতলী চাহ বাগিচাক পৰাস্ত কৰে । খেলৰ আৰম্ভণিতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বাগিচা খনৰ স্বত্বাধিকাৰী অজয় জালান, পৰিচালক, লাহোৱালৰ এছ কে এছ ইংলিছ একাডেমীৰ স্বত্বাধিকাৰী দয়ানন্দ ছাহ, লাহোৱাল ফুটবল একাডেমীৰ সভাপতি কৃষ্ণ তামুলী , লাহোৱাল প্ৰেছ ক্লাৱৰ ভাৰপ্ৰাপ্ত সম্পাদক উজ্জ্বল শইকীয়া , চাবুৱা লাইভৰ সা্ংবাদিক দিবাকৰ দত্ত আদিক খেলুৱৈ সকলৰ সতে চিনাকি কৰাই দিয়াৰ লগতে বাগিচা খনৰ স্বত্বাধিকাৰীয়ে কিক্ অফ কৰি চূড়ান্ত খেলৰ শুভাৰম্ভণি কৰে। যোৱা ২৫ নবেম্বৰত আৰম্ভ হোৱা ফুটবল প্ৰতিযোগিতাখনত মুঠ ১৭ টা দলে অংশ গ্রহণ কৰিছিল । চূড়ান্ত খেল পৰিচালনা কৰে ইন্দ্ৰজিৎ চেতিয়া আৰু তেখেতক লাইনত সহায় কৰে মাধুৰ্য মৰাণ আৰু দেৱজিৎ গোহাঁইয়ে । খেলৰ শেষত বটাঁ বিতৰণ কৰা হয় । আনহাতে তামোলবাৰী চাহ বাগিচাত অনুষ্ঠিত হোৱা শংকৰ ওৰাং সোৱঁৰণী ফুটবলৰ চূড়ান্ত প্রতিযোগিতাত তামোলবাৰী বাগিচাই ৰাংলিটিং বাগিচাক ১ গলৰ ব্যৱধানত পৰাজিত কৰি চেম্পিয়ন হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here