Home অসম মৎস্য পালন, সৰিয়হ খেতিৰে আত্মসংস্থাপন গহপুৰৰ যুৱকৰ

মৎস্য পালন, সৰিয়হ খেতিৰে আত্মসংস্থাপন গহপুৰৰ যুৱকৰ

142
0

গহপুৰৰ পৰা পৰাশ শইকীয়া প্ৰতিবেদনঃ
মৎস্য পালনেৰে আত্মসংস্থাপনৰ পথ মোকলাইছে গহপুৰৰ এজন শিক্ষিত নিবনুৱা যুৱকে ।এম এচ চি স্নাতকোত্তৰ ডিগ্ৰীধাৰি অনুপ শৰ্মা নামৰ যুৱকজনে ৭০বিঘা পতিত মাটিত মৎস্য পালন কৰি নিজক আত্মসংস্থাপিত কৰিবলৈ সক্ষম হোৱাৰ লগতে বহুকেইটা পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছে।গহপুৰৰ বৰঙাবাৰীৰ নিৱাসী অনুপ শৰ্মা নামৰ যুৱকজনে বিজ্ঞানসন্মত ভাবে বানে গৰকা জকাপৰা অঞ্চলত মৎস্য পালনেৰে বছৰি চাৰে চাৰিৰ পৰা পাঁচ লাখ টকা পৰ্যন্ত উৰ্পাজন কৰিবলৈ সক্ষম হৈছে ।ইয়াৰ উপৰিও ঘেঁহু খেতিৰ লগতে ৬০ বিঘা মাটিত সৰিয়হ খেতি কৰিছে এটি এন জি অৰ জৰিয়তে অনুপে ।২০১৫ চনৰ পৰা প্ৰচুৰ আত্মবিশ্বাসৰ মাজেৰে যুৱকজনে সৎস্য পালনৰ লগতে সৰিয়হকে ধৰি অন্যান্য খেতি কৰি নিজৰ ব্যৱসায় ক্ষেত্ৰখন বিস্তৃত কৰাৰ একানপটীয়া ভাবে প্ৰচেষ্টা চলাই আহিছে অনুপে ।চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰা বহু নিবনুৱা যুৱক যুৱতীৰ বাবে আৰ্দশস্বৰূপ হৈ পৰিছে অনুপ শৰ্মা ।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here