Home অসম গুৱাহাতীত ও আৰম্ভ হ’ল ৩ টকীয়া বাইক যাত্ৰা, মোবাইল এপৰ দ্বাৰা লাভ...

গুৱাহাতীত ও আৰম্ভ হ’ল ৩ টকীয়া বাইক যাত্ৰা, মোবাইল এপৰ দ্বাৰা লাভ কৰিব পাৰিব এই সেৱা

189
0

গুৱাহাতীৰ পৰা পূজাশ্ৰী কলিতা প্ৰতিবেদনঃ
মহানগৰবাসীৰ বাবে এক সু-খবৰ।  অতি কম খৰচৰ লগতে কম সময়ৰ ভিতৰতে আপুনি এতিয়া গুৱাহাটীত এঠাইৰ পৰা আন ঠাইলৈ চাৰিচকীয়াৰ সলনি দুচকীয়া বাহনত যাত্ৰা কৰিব পাৰিব। বাংগালুৰু এক প্ৰতিষ্ঠান ‘ৰেপিড’ই আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ সন্মুখৰ ৱাকিং জ’নত এই ৰেপিড’ সেৱাৰ শুভাৰম্ভণি কৰে শিক্ষা আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।
মহানগৰবাসীয়ে অ’লা-ওবেৰৰ দৰেই মোবাইল এপৰ দ্বাৰা এই সুবিধা লাভ কৰিব পাৰিব। মটৰচাইকেলৰ দ্বাৰা উপলব্ধ হ’বলগীয়া এই সেৱাত এজন যাত্ৰীয়ে নিৰাপদে গুৱাহাটীৰ যিকোনো ঠাইলৈ যাত্ৰা কৰিব পাৰিব বুলি কয় ৰেপিড’ৰ অসম শাখাৰ অপাৰেশ্ব্যন এক্সিকিউটিভ সিদ্ধাৰ্থ সোণোৱালে।
আনহাতে খুব কম খৰচতে যাত্ৰা কৰাৰ সুবিধা লাভ কৰিব বুলি সোণোৱালে কয়, ‘দৈনিক হিচাপত ১৫ টকাকৈ তথা প্ৰতি কিল’মিটাৰত ৩ টকাকৈ নাইবা প্ৰতি মিনিটত ১টকাকৈ যাত্ৰা কৰিব পাৰিব।‘
বৰ্তমানলৈকে কামৰূপ মেট্ৰ’ৰ স্থানীয় শতাধিক ৰাইডাৰছে নাম পঞ্জীয়ন কৰিছে প্ৰথম অৱস্থাত ১০০ খন বাইকেৰে এই সেৱা আৰম্ভ হব বৰ্তমান মহিলা ৰাইডাৰছ ৰখা হোৱা নাই যদিও দেশৰ অন্য মহানগৰসমূহত মহিলা ৰাইডাৰছো এই ৰেপিড’ৰ সৈতে জড়িত হৈ আছে বুলি জানিবলৈ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here