Home মুখ্য পৃষ্ঠা যুৱ ব্যৱসায়ী ইটা ভাটাৰ মালিকক অপহৰণ

যুৱ ব্যৱসায়ী ইটা ভাটাৰ মালিকক অপহৰণ

150
0

দেওপানীৰ পৰা দিগন্ত মহন্ত প্ৰতিবেদনঃ
ৰাজ্য খনত আইন চিঙ্খলা পৰিস্থিতি মাজে মাজে উতপ্ত হৈ থকাৰ সময়তে কাৰ্বি আংলং জিলাৰ সোপাঢিলা প্ৰশাসন যন্ত্ৰৰ সুবিধালৈ এচাম অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে নিজৰ অস্তিত্ব জাহিৰ কৰি অহাৰ প্ৰতিযোগিতা প্ৰতিদিনে চলিবলৈ ধৰিছে ৷ তাৰ প্ৰমান হিচাবে যোৱা ১৪ ডিচেম্বৰ সন্ধিয়া বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰগত শিলনীজান স্হিত ষ্টীল ইটা ভাটাৰ মালিক যুৱ ব্যৱসায় চন্দন কুমাৰ সিঙক (২৯) As 09 E 9005 নম্বৰৰ নিজা ৰঙা ৰঙৰ মাৰুতি ভিটাৰা ব্ৰীজা গাড়ীৰে খটখটীলৈ গৈ থকা অৱস্থাত ৰাষ্টাৰ পৰা কোনো অজ্ঞাত লোকে অপহৰণ কৰি নিয়ে বুলি জানিব পৰা গৈছে ৷ আৰু অপহৰণৰ পিচতে চন্দন কুমাৰৰ নিজা মবাইলৰ পৰা পৰিয়ালৰ লোকলৈ অপহৰণকাৰীয়ে ফোন কৰি এক কোটি টকা তিনিদিনৰ ভিতৰত আদায় দিবলৈ নিদ্দেশ দিয়ে বুলি পৰিয়ালৰ লোকে জনাইছে ৷ পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰাইছে ৷ আৰক্ষী প্ৰশাসনে অনুসন্ধান অব্যাহত ৰাখিছে যদিও এই সময় পযন্ত কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here