Home অসম চাবুৱাৰ মুদৈ গাঁৱত নামঘৰ উচৰ্গা

চাবুৱাৰ মুদৈ গাঁৱত নামঘৰ উচৰ্গা

193
0

চাবুৱাৰ পৰা তপন কুমাৰ শইকীয়াৰ প্ৰতিবেদনঃ
চাবুৱাৰ মুদৈ গাঁৱৰ ৰজহুৱা নামঘৰটি পুনৰ নিৰ্মাণৰ পিছতেই দেওবাৰে উচৰ্গা কৰা হয়। নামঘৰটো উচৰ্গা কৰিবলৈ দিনজয় সত্ৰৰ সত্ৰাধিকাৰ যুগদানন্দ গোস্বামী, যুৱধিকাৰ মুকুটানন্দ দেৱগোস্বামী আৰু বগৰীতলিয়া সত্ৰৰ সত্ৰাধিকাৰ উৎসবানন্দ গোস্বামীৰ উপস্থিত থাকে। নামঘৰৰ দুৱাৰ মুকলি কৰে দিনজয় সত্ৰৰ সত্ৰাধিকাৰ যুগদানন্দ গোস্বামীয়ে। উচৰ্গা অনুষ্ঠানৰ উদ্বোধনী সভাত ভঁৰলুৱা গাঁৱৰ সমাজকৰ্মী ভক্তিবৰ গোঁহাইৰ সভাপতিত্বত দিনজয় সত্ৰৰ যুৱধিকাৰ মুকুটানন্দ দেৱগোস্বামীয়ে নিৰ্দিষ্ট বক্তব্য আগবঢ়াই। উদ্বোধনী সভাখনি গাঁৱৰ মহিলাসকলে প্ৰাৰ্থনা আৰু জাতীয় সংগীতেৰে মুকলি কৰে আৰু নামঘৰ জনাৰ স্মৰণত প্ৰকাশ পোৱা স্মৰ্ণিকা খন গাঁৱৰ সমাজসেৱক নোমল দুলীয়াই উন্মোচন কৰে। সভাৰ মাজে মাজে গাঁৱৰ যুৱক-যুৱতীসকলে বৰগীত, আইনাম, সত্ৰীয়া নৃত্য আদি পৰিৱেশন কৰি সভাখনি মনোমোহা কৰি তুলে। কাৰ্যসূচীৰ অনুসৰি গাঁওবুঢ়া আৰু গাঁৱৰ সমাজ কৰ্মীসকলে বৃক্ষ ৰোপন কৰে লগতে ভাগৱত পাঠ, গায়ন-বায়ন আৰু গুৰুজনাৰ গীত মাতেৰে নামঘৰ ওখল মাখল কৰি তুলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here