Home মুখ্য পৃষ্ঠা ৰাজ্যত অচিৰেই লাখ লাখ টেন্সফৰ্মাৰ বিকল হোৱাৰ পথত , সৌভাগ্য আঁচয়ে দুভাগ্য...

ৰাজ্যত অচিৰেই লাখ লাখ টেন্সফৰ্মাৰ বিকল হোৱাৰ পথত , সৌভাগ্য আঁচয়ে দুভাগ্য আনিলে টিংখাঙৰ ঘাঁহীপথাৰ বাসীকনি

189
0

DB Live , টিংখাং ,

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ৰাজ্যখনত থকা লাখ লাখ টেন্সফৰ্মাৰ অচিৰেই বিকল হোৱাৰ সম্ভাৱনাই দেখা দিছে । কাৰণ ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা দৰিদ্ৰ সীমাৰেখা তলৰ লোকসকলৰ বাসগৃহত দীন দয়াল উপাধ্যায় আঁচনিখনৰ জৰিয়তে বিদ্যুত সংযোগ বিনামূলীয়াভাৱে কৰা হৈছে । বিভাগীয়ভাৱে উপযুক্ত তদাৰক আৰু কাৰিকৰী দিশ সমূহ পৰীক্ষা নিৰীক্ষা নকৰাকৈ জধে মধে চৰকাৰী আঁচনিখন ৰূপায়ণ কৰি অহা বাবে ধোঁৱাচাঙত পৰিণত হৈছে । ফলত জনসাধাৰণে বিদ্যুত পোহৰৰ পৰা বঞ্চিত হব লগা হোৱাৰ বাতৰি পোৱা গৈছে । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এখন গাঁৱত এই আঁচনিখন ৰূপায়ণ কৰিবলৈ গৈ সংকটত পৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড । শক্তি বিতৰণ কোম্পানীটোৰ টিংখাং উপ সংমণ্ডলটোত নিয়োজিত বিষয়া কৰ্মচাৰীয়ে টিংখাঙৰ ঘাঁহীপথাৰ নামৰ গাঁওখনত সৌভাগ্য আঁচনিৰ অধীনত প্ৰায় পোন্ধৰটা দৰিদ্ৰলোকৰ বাসগৃহত বিদ্যুত সংযোগ কৰে । জানিব পৰা মতে গাঁওখনৰ পূৰ্বৰ বিদ্যুত গ্ৰাহক সকলে প্ৰায় দুবছৰ পূৰ্বে টেন্সফৰ্মাৰটো নিজা খৰছত স্থাপন কৰিছিল । এই টেন্সফৰ্মাৰটো মাজে সময়ে বিকল হৈ অহাত মেৰামতি কৰি বিদ্যুত সেৱা লাভ কৰি আহিছিল । কিন্তু শেহতীয়াকৈ গাঁওখনত অতিৰিক্তভাৱে দৰিদ্ৰলোকৰ বাসগৃহত বিদ্যুত সংযোগ কৰাৰ কিছুদিনৰ পাছতে পুনৰ টেন্সফৰ্মাৰটো বিকল হৈ পৰে । যোৱা ৫ ডিচেম্বৰতে বিকল হৈ পৰা টেন্সফৰ্মাৰটো শক্তি বিতৰণ কোম্পানীটোৱে মেৰামতি নকৰাত সমগ্ৰ গাঁওখন অন্ধকাৰত ডুব গৈ আছে । ফলত গাঁওখনৰ ছাএ ছাএীয়ে বছেৰেকীয়া পৰীক্ষাৰ সময়ছোৱাত পঢ়া শুনাত গুৰুতৰ সমস্যাৰ সৃষ্টি হৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here